Daily Time Axom

ভাল খৱৰ, ভাৰততেই নিৰ্মাণ হব I phone. ক্লিক কৰক ।

0 9

ডিজিটেল ডেস্কঃবৰ্তমান আপোনাৰ মোৰ দৰে কিছু লোকৰ I phone এটা লোৱাৰ হেঁপাহ নিশ্চয় আছে। কিন্তু অত্যাধিক মূল্যৰ বাবেই এয়া আমাৰ বাবে সপোন। কাৰণ কিছুদিন আগতে সংবাদ মাধ্যমত প্ৰকাশ পোৱা এক খৱৰ আনুহৰি মাৰ্কিন যুক্তৰাষ্ট্ৰই অতিশীঘ্ৰে ভাৰত আৰু ভিয়েটনামত আৰম্ভ কৰিব Apple ৰ মেনুফেক্সাৰিং প্লাণ্ট, Nikkei Asia য়ে সদৰি কৰা এক তথ্য অনুসৰি বিগত বছৰৰ মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু চীনৰ বৈদেশিক সম্পৰ্কৰ আৱনতিৰ কাৰণেই আমেৰিকাই চীনৰ Apple ৰ মেনুফেক্সাৰিং প্লাণ্ট সমূহ ভাৰত আৰু ভিয়েটনামত লৈ স্থানান্তৰিত কৰাৰ চিন্তা কৰিছে। উল্লেখযোগ্য যে এপলৰ সহযোগী ফেক্সকনে প্ৰায় ২৭০ মিলিয়ন আমেৰিকান ডলাৰ ভিয়েটনামত এপলৰ প্লাণ্ট নিৰ্মাণৰ ক্ষেত্ৰত বিনিয়োগো কৰিছে। ভিয়েটনামত ipad, airpod, mac book, আদি নিৰ্মান হব কাৰণ তাত শ্ৰমিকৰ খৰছ অতি কম আৰু ভাৰতত বিশেষকৈ I phone, লগতে বাকী ইলেক্ট্ৰনিক সামগ্ৰী সমূহ নিৰ্মাণ হব বুলি আশা কৰা হৈছে।।

Leave A Reply

Your email address will not be published.