Daily Time Axom

গোলাঘাট ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা

0 8

ডিজিটেল ডেস্ক: বুধবাৰে পুৱাৰ ভাগতেই গোলাঘাট ৰঙাজানৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হয় এজন লোক।নিজ সন্তান আৰু ভতিজাকক স্কুললৈ আনি থকা অৱস্থাত পাছফালৰ পৰা AS05 AC 1026 নম্বৰৰ তিব্ৰবেগী ডাম্পাৰখনে খুন্দিওয়াৰ ফলত লোক জন থিতাতে নিহত হোৱাৰ লগতে ছাত্ৰ দুজনো আঘাতপ্ৰাপ্ত হয়।নিহত লোকজন কোৱানী অঞ্চলৰ মেথোৱাল টাল বুলি জানিব পৰা গৈছে। উল্লেখ্য যে গোলাঘাটত তীব্ৰবেগী ডাম্পাৰৰ বিৰুদ্ধে বিভিন্ন সময়ত ৰাইজে জিলা প্ৰশাসন তথা আৰক্ষীক অভিযোগ কৰি আহিছিল যদিও এই ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

Leave A Reply

Your email address will not be published.