Daily Time Axom

সৌন্দর্য প্ৰতিযোগিতাত জিলিকিল নলবাৰী মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যুগল কিশোৰৰ পত্নী আৰু জীয়ৰী

0 29

ডিজিটেল ডেস্কঃ ৩ ফেব্ৰুৱাৰীত গুৱাহাটী জিলা পুথিভঁৰালত অলপতে নাৰী শক্তি অসমে অনুষ্ঠিত কৰে আন্তঃৰাষ্ট্ৰীয় শিশু, যুৱতী, মহিলা আৰু পুৰুষ সৌন্দর্য্য প্ৰতিযোগিতা।উক্ত প্ৰতিযোগিতাখনত মহিলা আৰু শিশু শাখাত স্থান দখল কৰিবলৈ সক্ষম হৈছে গুৱাহাটীৰ পল্লৱী চহৰীয়া কলিতা আৰু কন্যা কাশ্যপে।
নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতাৰ পত্নী পল্লৱী চহৰীয়া কলিতা আৰু জীয়ৰী কন্যা কাশ্যপৰ এই সফলতাত পৰিয়ালে আনন্দ লাভ কৰিছে আৰু ইয়াৰ সমান্তৰালভাৱে বৰক্ষেত্ৰীতো বিশেষ চৰ্চা লাভ কৰিছে।
উল্লেখ্য যে, ২৩ জানুৱাৰীত গুৱাহাটী জিলা পুথিভঁৰালত নাৰী শক্তি অসমে আয়োজন কৰা “আন্তঃৰাষ্ট্ৰীয় গ্ল’ৱেল ষ্টাৰ আইকন” প্ৰতিযোগিতাত পল্লৱী চহৰীয়া কলিতাই অংশগ্রহণ কৰি শীৰ্ষ পাঁচজনীৰ ভিতৰত দ্বিতীয় গ্ৰুপৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ইফালে শিশু প্ৰতিযোগিতাত অংশগ্রহণ কৰি কন্যা কাশ্যপে Brand Ambassador নিৰ্বাচিত হ’বলৈ সক্ষম হৈছিল। পত্নী – কন্যাৰ এই সফলতাত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতাৰ লগতে শুভাকাঙ্ক্ষী সকলেও তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছে।

Leave A Reply

Your email address will not be published.