দিল্লীৰ হিংসাত্মক ঘটনাৰ অন্যতম খলনায়ক দীপ সিধুক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ
ডিজিটেল ডেস্ক: কৃষি আইনৰ বিৰোধিতাৰে গণৰাজ্য দিৱসৰ দিনা দিল্লীৰ লালকিল্লাত হোৱা হিংসাত্মক কাৰ্যৰ বিষয়ে দেশজুৰি চৰ্চা হোৱা পৰিলক্ষিত হৈছিল।বিগত কেইবাটাও মাহজুৰি কেন্দ্ৰীয় চৰকাৰৰ নতুন কৃষি আইনৰ বিৰোধিতা কৰি কৃষক সকলে প্ৰতিবাদ বৰ্তমানেও অব্যাহত ৰাখিছে। শেহতীয়াকৈ গণৰাজ্য দিৱসৰ দিনা দিল্লীৰ লালকিল্লাত প্ৰতিবাদী কৃষক সকলে ট্ৰেক্টৰ ৰেলীৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত লালকিল্লাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।উল্লেখ্য যে এই হিংসাত্মক ঘটনাত তৃতীয় পক্ষৰ লোক জড়িত হৈ আছে বুলি কৃষক নেতৃত্বই মন্তব্য প্ৰকাশ কৰে।উক্ত হিংসাত্মক ঘটনাৰ অন্যতম খলনায়ক হিচাপে অভিযোগ উঠা অভিনেতা,গায়ক আৰু সমাজ সেৱক দীপ সিধুক মঙ্গলবাৰে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।এই ঘটনাৰ পিছতে পলায়ণ কৰি থকা দীপসহ আন তিনিজনক হাৰিয়ানাৰ কৰ্ণালত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ইতিমধ্যে এই হিংসাত্মক ঘটনাৰ লগত জড়িত ১২২ জন লোকক গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে।