Daily Time Axom

সচেতনতা বৃদ্ধিৰ বাবে ‘প্ৰজ্ঞা ফাউণ্ডেছন’ৰ সংস্কাৰ জাগৰণ যাত্ৰা

0 4

ডিজিটেল ডেস্কঃপ্ৰজ্ঞা ফাউণ্ডেছন’ৰ উদ্যোগত সমাজত সচেতনতা বৃদ্ধি কৰিবৰ বাবে ৰাজ্যজুৰি আৰম্ভ কৰা হৈছে ‘সংস্কাৰ জাগৰণ যাত্ৰা’ কাৰ্যসুচী ৷উক্ত কাৰ্যসূচীৰ অংশ হিচাপে দেওবাৰে নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ, বৰতলা, চান্দা, টেঘেৰিয়াট্টাৰী,জয়সাগৰ গাঁৱত জাগৰণ যাত্ৰাৰ কাৰ্যসুচী সম্পন্ন কৰে ৷বৰতলাৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীত এখন নৌকা সজ্জিত বাহনত অসম গৌৰৱ এশিঙীয়া গড়ৰ প্ৰতিচ্ছবি অংকণ কৰি আৰু ভাৰতীয় সংস্কৃতিৰ বিভিন্ন আহিলা স্থাপন কৰি বাহনখন গাঁৱে গাঁৱে প্ৰৱেশ কৰে ৷প্ৰমূল্যৰে আদৰ্শ পৰিয়াল প্ৰতিষ্ঠা কৰা, থলুৱা সাংস্কৃতিক ঐতিহ্যৰ সুৰক্ষা, সমাজ গঠনত গাঁও আৰু ভূমি সুৰক্ষাৰ গুৰুত্ব আদিকে ধৰি আৰু কেইবাটাও বিষয়ক আলোচ্য বিষয় হিচাপে লৈ ঠায়ে ঠায়ে পদ সভা অনুষ্ঠিত কৰি বহিৰাগত অপসংস্কৃতিৰ পৰা নতুন প্ৰজন্মক ৰক্ষা কৰি সমাজত পুনৰ ভাৰতীয় সংস্কৃতি প্ৰতিষ্ঠা কৰাৰ বাবে সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰে ৷উল্লেখ্য যে ২৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচী শনিবাৰে নলবাৰীৰ বিভিন্ন ঠাইত সম্পন্ন কৰে প্ৰজ্ঞা ফাউণ্ডেছন বৰক্ষেত্ৰী সমিতিয়ে ৷

Leave A Reply

Your email address will not be published.