Daily Time Axom

৬০ ৰ উৰ্দ্ধৰ ব্যক্তিসকলে ১ মাৰ্চৰ পৰা লাভ কৰিব ক’ভিড ভেকচিন

0 11

ডিজিটেল ডেস্কঃবিগত বছৰটোত ক’ৰণা ভাইৰাছে বিশ্বত ত্ৰাসৰ সৃষ্টি কৰিলে।কৰ’নাৰ সন্ত্ৰাসৰ বাবে সমগ্ৰ বিশ্বতে স্বাভাৱিক জনজীৱন স্তব্ধ হৈ পৰিছিল।ক’ৰণাৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে প্ৰায়বোৰ দেশেই পৰীক্ষা নিৰীক্ষা অব্যাহত ৰাখিছিল। এইক্ষেত্ৰত ব্যতিক্ৰম নহয় ভাৰতো।ভাৰতেও বহুতো পৰীক্ষা নিৰীক্ষাৰ অন্ততঃ আবিষ্কাৰ কৰিলে ক’ৰণা ভেকচিন। ইতিমধ্যে দেশৰ বিভিন্ন ৰাজ্যত প্ৰদান কৰা হৈছে ক’ৰণা ভেকচিন।প্ৰথম পৰ্যায়ত চিকিৎসা বিভাগৰ লগত জড়িত লোক সকলক প্ৰদান কৰা হৈছিল ক’ৰণা ভেকচিন।অহা ১ মাৰ্চৰ পৰা ৬০ উৰ্দ্ধৰ ব্যক্তিসকলক প্ৰদান কৰিব ক’ৰণা ভেকচিন।এই ভেকচিন চৰকাৰী প্ৰতিষ্ঠানসমুহত বিনামূলীয়া কৈ প্ৰদান কৰাৰ বিপৰীতে ব্যক্তিগত প্ৰতিষ্ঠান সমুহত মুল্য দিব লাগিব। ব্যক্তিগত প্ৰতিষ্ঠান সমুহত ইয়াৰ মুল্য কিমান হ’ব সেয়া দুই এদিনতে নিৰ্ধাৰিত হ’ব বুলি কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ প্ৰবক্তা প্ৰকাশ জাবেদকাৰে কেবিনেটত সদৰি কৰে।লগতে তেওঁ কয় যে বৰ্তমান ‌উক্ত পৰ্যায়ৰ প্ৰায় ১০ কোটি লোক আছে। উল্লেখ্য যে প্ৰায় ১০ হেজাৰ চৰকাৰী কেন্দ্ৰত প্ৰদান কৰিব ভেকচিন।

Leave A Reply

Your email address will not be published.