Daily Time Axom

কম ওজনৰ লোকৰ বাবে এটা সাধাৰণ টিপচ যিয়ে শকত নহয় কিন্তু ওজন বঢ়োৱাত আপোনাক সহায় কৰিব

0 13

ডিজিটেল ডেস্কঃ যিদৰে বেছি ওজন বহুলোকৰ বাবে চিন্তাৰ কাৰণ সেইদৰে কম ওজনো কিছুলোকৰ বাবে চিন্তাৰ কাৰণ হৈ পৰা দেখা যায়।পাতল,খীন শৰীৰক এটা সুন্দৰ আৰু সুস্থ শৰীৰ সকলোৱে বিচাৰে। শকত হোৱা আৰু ওজন বঢ়া দুয়োটাই বেলেগ বেলেগ বিষয়।সেইবাবে আপোনালোকৰ বাবে আগবঢ়োৱা হৈছে এটা সাধাৰণ আহাৰ গ্ৰহণৰ টিপচ,যিয়ে আপোনাৰ চৰ্বী নহয় ওজন হে বঢ়োৱাত সহায় কৰিব।
এই টিপচটোত প্ৰয়োজন হ’ব মাত্ৰ তিনিবিধ সামগ্ৰীৰ। যেনে : কল, কিচমিচ আৰু গাখীৰ। কলত ভৰপূৰ মাত্রাত কেল’ৰিজ,কাৰ্বহাইড্ৰেট আৰু পটাছিয়াম থাকে। সেইবাবে কল যথেষ্ট উপকাৰী আমাৰ শৰীৰৰ বাবে। ১গিলাছ গাখীৰ, দুটা পকা কল ভালদৰে মিক্সাৰত মিহলি কৰি দিনে দুবাৰকৈ খাব লাগে বা কল দুটা খোৱাৰ পিছত গাখীৰ গিলাছ খাব পাৰে আৰু তাৰ সৈতে কিচমিচো ১ বা ১/২ চামুচ খাব পাৰে।কিয়নো কিচমিচে এই মিশ্রণটোত মিঠাৰ কাম কৰে আৰু কিচমিচত যথেষ্ট ভিটামিন আছে।১গিলাছ গাখীৰ, ১ বা ১/২চামুচ কিচমিচ আৰু ২টা পকা কল একেলগে মিক্সাৰত মিহলাই লৈ খাব পাৰে দিনটোত দুবাৰকৈ। এনেদৰে ১৫দিন দিনে দুবাৰকৈ ব্যৱহাৰ কৰিলে আপোনাৰ ওজন বাঢ়িব।

Leave A Reply

Your email address will not be published.