১৫ আৰু ১৬ মাৰ্চত বন্ধ থাকিব বেংক।
ডিজিটেল ডেস্কঃ১৫ আৰু ১৬ মাৰ্চত বন্ধ থাকিব বেংক। ৰাজহুৱা শাখাৰ বেংকৰ নিজীকৰণৰ বিৰুদ্ধে বেংক কৰ্তৃপক্ষই সোমবাৰে আৰু মংগলবাৰে দুদিনীয়াকৈ বেংক হৰতাল কাৰ্যসূচী হাতত লয়। উক্ত হৰতাল কাৰ্যসূচীত প্ৰায় ১০লাখ বেংক কৰ্মচাৰীয়ে অংশগ্রহণ কৰিব। এই হৰতালৰ পোনপ্ৰতিয়াকৈ প্ৰভাৱ পৰিব এক মাত্র জনসাধাৰণৰ ওপৰত। হৰতালৰ বাবে মুখ্য ৰূপত কিছুমান সেৱা বন্ধ থাকিব।
উল্লেখ্য যে, বেংক হৰতালৰ বাবে এই দুদিন বেংকত জমা, চেক্ ক্লিয়েৰেন্স আৰু লোন আদিৰ কাম নহ’ব। ATM সেৱা খোলা থাকিলেও টকা উলিওৱাত কিছু অসুবিধাৰ সন্মুখীন হ’ব পাৰে গ্ৰাহকসকল।
গতিকে জৰুৰী টকা উলিয়াই লওক আপুনিও। গ্ৰাহকসকলক বেংক সমূহে মেছেজ যোগে হৰতালৰ বিষয়ে জনায়। ব্ৰাঞ্চসমূহতো কামকাজৰ কিছু প্ৰভাৱে দেখা দিব।