সৰুপথাৰত নির্বাচনী বিভাগৰ চি’ ভিজিল এপ’ মুকলি
ডিজিটেল ডেস্কঃভাৰতৰ নিৰ্বাচন আয়োগে গোলাঘাট জিলাৰ ৯৪ নং সৰুপথাৰ বিধান সভা সমষ্টিত ভোটদাতাৰ সুবিধাৰ্থে চি’ ভিজিল নামৰ এটা এপ’ মুকলি কৰিছে। উক্ত এপৰ জৰিয়তে সুবিধা লৈ একো একোজন ভাৰতীয় নাগৰিকৰ প্ৰকৃত পৰিচয় দিবলৈ আহ্বান জনাইছে ধনশিৰী জিলা নিৰ্বাচনী বিভাগে। উল্লেখ্য চি ‘ চিভিল এপৰ জৰিয়তে নাগৰিক সকলে নিৰ্বাচনী আচৰণ বিধিৰ উলংঘা কৰা, নিৰ্বাচনী ব্যয় উলংঘা কৰা, ধন,সুৰা, বা নিচা জাতীয় দ্ৰব্য বিতৰণ কৰা, মাৰানাস্ত্ৰ প্ৰদৰ্শন, ভিত্তি প্ৰদৰ্শন, ধনৰ বিনিময়ত নিৰ্মিত বাতৰি, সাম্প্ৰদায়িক বিদ্ধেক মূলক বক্তৃতা, উপহাৰ বিতৰণ, ভুৱা বাতৰি, সম্পত্তিৰ ক্ষতিসাধন আদি পৰিলক্ষিত হলে লগে লগে চি’ ভিজিলএপ’ ৰ জৰিয়তে সহায় লৈ জিলা বা মহকুমা নিৰ্বাচনী বিভাগৰ ওচৰত অভিযোগ দাখিল কৰিব পাৰিব।এই এপ’ত ১০০ মিনিটৰ ভিতৰত নাগৰিকে পঞ্জীয়ন কৰা যি কোনো গোচৰ মীমাংসাৰ ব্যৱস্থা আছে।ধনশিৰী জিলা নিৰ্বাচনী বিষয়া তথা মহকুমাধিপতি ৰাহুল জাভীৰ সুৰেশ আৰু মহকুমা নিৰ্বাচনী বিষয়া কৃষাণজ্যোতি ডেকাই সৰুপথাৰ সমষ্টিৰ সকলো ৰাইজক উক্ত চি’ ভিজিল এপ’ ডাউনলোড কৰি একো একোজন সচেতন নাগৰিক হবলৈ আহ্বান জনোৱাৰ লগতে আগন্তুক বিধান সভা নিৰ্বাচনত সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছে।