জটিল ৰোগত আক্ৰান্ত অতি প্ৰতিভাৱান যুৱক অংশুপ্ৰতিম শইকীয়াক সহায় কৰিবলৈ কৰযোৰে আহ্বান পৰিয়াল তথা বন্ধুবৰ্গৰ
ডিজিটেল ডেস্কঃ এজন ২১ বছৰীয়া প্ৰতিভাৱান যুৱক।অভিনয়ৰ যোগেদি দৰ্শকৰ মন মুহিবলৈ সক্ষম হোৱা যুৱকজন অংশুপ্ৰতিম শইকীয়া।মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ নাটকৰ ছাত্ৰ অংশুক এতিয়া প্ৰয়োজন হৈছে আপোনাৰ মোৰ অকমান সহায়ৰ।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ২০১৮ বৰ্ষৰ আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱত শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ বুটলিবলৈ সক্ষম হোৱা প্ৰাণৱন্ত যুৱকজন বৰ্তমান জীৱন মৰণৰ সৈতে যুঁজিছে গুৱাহাটীস্থিত নেমকেয়াৰ হস্পিটেলৰ ICU ৰ বেডত।অতি প্ৰতিভাৱান যুৱক অংশুপ্ৰতিমৰ লিভাৰটো সম্পূৰ্ণ বিকল হৈ পৰাৰ কথা চিকিৎসকে সদৰি কৰাৰ পিছতে দিশহাৰা হৈ পৰিছে পৰিয়াল বৰ্গ।অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ অংশুপ্ৰতিমৰ চিকিৎসাৰ বাবে বৰ্তমান প্ৰয়োজন হৈছে প্ৰায় ৩০ লাখৰো অধিক টকা।অংশুৰ চিকিৎসাৰ বাবে যাৱতীয় সহায় বিচাৰি ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা,সাংসদ গৌৰৱ গগৈ আৰু বিধায়িকা ৰ’জলীনা তিৰ্কীলৈ কৰযোৰে আৱেদন জনাইছে অংশুপ্ৰতিমৰ বন্ধুবৰ্গই।লগতে সকলো সুহৃদয় ৰাইজক সাধ্য অনুসৰি অংশুপ্ৰতিম শইকীয়াৰ নামত থকা SBI 39798426883,IFSC:SBIN0007700 একাউণ্ট নম্বৰৰ লগতে 7896171348 নম্বৰত Google pay ৰ জৰিয়তে সহায় কৰি প্ৰাণৱন্ত ল’ৰাটোক জীয়াই ৰাখিবলৈ ক’ৰযোৰে আহ্বান জনাইছে।