Daily Time Axom

হেডফোনৰ অত্যধিক ব্যৱহাৰ কৰিলে হ’ব পাৰে হৃদৰোগ, কৰ্কট আদি মাৰাত্মক ৰোগ।

0 9

ডিজিটেল ডেস্কঃ ম’বাইলৰ সৈতে হেডফোনৰ ব্যৱহাৰ নিৰাপদ বুলি আমি সকলোৱে জাঁনো।ম’বাইল ফোনত হেডফোন লগায় কথা পতা, গান শুনা , ভিডিঅ’ চোৱা, গেম খেলা আদি প্ৰায় লোকৰে অভ্যাস বুলি ক’ব পাৰি। কিন্তু একাংশই অনবৰতে হেডফোন কাণত লগাই ৰাখে। এনে বদঅভ্যাসে আপোনাৰ বাবে মাতি আনিব পাৰে বিপদ। হেডফোনৰ অত্যধিক ব্যৱহাৰে কৰিব পৰা ক্ষতিকাৰক দিশসমূহ হৈছে :
১) সঘনাই হেডফোন ব্যৱহাৰ কৰিলে শ্ৰৱণ শক্তি প্ৰায় ৪০ৰ পৰা ৫০ ডেচিবললৈকে হ্ৰাস পায়। ইয়াৰ ফলত কাণৰ পৰ্দাত কম্পনৰ সৃষ্টি হয়।
২) হেডফোনৰ ব্যৱহাৰে দূৰৰ শব্দ শুনাত সমস্যাৰ সৃষ্টি কৰে। এনে অভ্যাসে এজন লোকক চিৰদিনলৈ বধিৰতালৈ ঠেলি দিব পাৰে।
৩) বহু সময় ধৰি হেডফোন ব্যৱহাৰ কৰিলে কাণত সংক্ৰমণ হ’ব পাৰে। আনৰ হেডফোন ব্যৱহাৰ কৰাৰ আগতে সদায় ছেনিটাইজ কৰি ল’ব লাগে।
৪) আকৌ হেডফোনেৰে উচ্চ স্বৰৰ শব্দ বা সংগীত শুনাৰ অভ্যাসে এজন লোকৰ মানসিক অৱস্থাত প্ৰভাৱ পেলায়। এই অভ্যাসে মস্তিষ্কত চাপৰ সৃষ্টি কৰে। ইয়াৰোপৰি এনে বদঅভ্যাসে হৃদৰোগৰ আশংকা বৃদ্ধি কৰে। বিশেষজ্ঞসকলৰ মতে হেডফোনৰ অত্যধিক ব্যৱহাৰে কৰ্কট ৰোগৰ দৰে মাৰাত্মক ব্যাধিৰ আশংকা বঢ়ায়।

Leave A Reply

Your email address will not be published.