Daily Time Axom

এবিধ বিশেষ ফলৰ বিশেষ উপকাৰিতাৰ বিষয়ে জানোঁ আহক!

0 10

ডিজিটেল ডেস্কঃ সুস্বাস্থ্যৰ বাবে প্ৰত্যেক দিনে খাব লাগে খেজুৰ। খেজুৰৰ পৰা বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাব পৰা শক্তি পোৱা যায়। আহকচোন খেজুৰৰ পৰা কেনে ধৰণৰ উপকাৰ পাব পাৰি জানি লওঁ:
১)খেজুৰত প্রচুৰ পৰিমাণে ফাইবাৰ থাকে যাৰ বাবে নিয়মীয়াকৈ খেজুৰ খালে পেটৰ ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি। বিভিন্ন গৱেষণাৰ পৰা লাভ কৰা তথ্য অনুসৰি প্ৰতিদিনে তিনিটাকৈ খেজুৰ খালে শৰীৰত উপকাৰী বেক্টেৰিয়াৰ মাত্ৰা বৃদ্ধি পায়।যাৰ ফলত বদহজম, কোলাইটিছ তথা হেমোৰয়ডৰ দৰে ৰোগত আক্রান্ত হোৱাৰ আশংকা ও কমে।
২)খেজুৰত থকা খনিজ পদার্থ আৰু ভিটামিনে হাড় মজবুত কৰি ৰাখে। নিতৌ খেজুৰ খালে বৃদ্ধ অৱস্থাত অষ্টিঅ’পৰোছিছৰ দৰে ৰোগত আক্রান্ত হোৱাৰ আশংকা নাথাকে।
৩)খেজুৰে এনিমিয়া ৰোগৰ পৰা আঁতৰাই ৰাখিব পাৰে।তেজত আয়ৰণৰ মাত্ৰা হ্রাস পালেই বিভিন্ন ৰোগত আক্রান্ত হোৱাৰ আশংকা আহি পৰে। সেইবাবে তেজত যাতে খনিজ পদার্থ কমি নাযায় তাৰ বাবে সচেতন হৈ থকা উচিত। এই ক্ষেত্রত খেজুৰৰ সহায় ল’ব পাৰে। কিয়নো খেজুৰত পৰ্যাপ্ত পৰিমাণে আয়ৰণৰ উপাদান থাকে।
৪)খেজুৰত থকা ছালফাৰ কম্পাউণ্ডে এলাৰ্জিৰ পৰা আঁতৰাই ৰখাত বিশেষ ভূমিকা লয়।
৫)খেজুৰে কলেষ্ট’ৰেলৰ মাত্ৰা কমাই। ফলত হঠাৎ হৃদৰোগত আক্রান্ত হোৱাৰ আশংকা হ্ৰাস পায়।
৬) যিসকল লোকৰ দেহৰ ওজন অত্যধিক কম তেওঁলোকে প্ৰচুৰ পৰিমাণে খেজুৰ খাব লাগে। কাৰণ খেজুৰত থকা প্ৰচুৰ পৰিমাণৰ কেল’ৰিয়ে স্বাস্থ্যৰ অৱনতি হোৱাত বাধা দিয়ে লগতে ওজন বৃদ্ধিত যথেষ্ট সহায় কৰে।
৭) স্বাস্থ্য গঠনত খেজুৰে বিশেষ ভূমিকা গ্ৰহণ কৰে তাৰোপৰি খেজুৰত থকা প্ৰচুৰ পৰিমাণৰ এন্টিঅক্সিডেন্টৰ বাবে বিভিন্ন ৰোগৰ সংক্ৰমণত বাধাৰ সৃষ্টি হয়।

Leave A Reply

Your email address will not be published.