Daily Time Axom

আপোনাৰ বাৰু ভ্ৰমণত গ’লে বমি বমি ভাৱ আহে নেকি বা বমি হয় নেকি?তেনেহ’লে চাওঁক এইকেইটা সহজ উপায়।

0 7

ডিজিটেল ডেস্কঃগাড়ীত ভ্ৰমণ কৰোঁতে বহুতৰে বমি হয়।যাৰ বাবে ভ্ৰমণ কৰিবলৈ একেবাৰে অসন্মত হৈ পৰে বহুলোক। ভ্ৰমণৰ সময়ত বমি কৰা বা বমি ভাৱ অহাটো এক গতিজনিত ৰোগৰ লক্ষণ (Motion Sickness Symptoms) ।
কিন্তু এইটো কোনো ধৰণৰ বেমাৰৰ ভিতৰত নপৰে। যি সময়ত আমাৰ মগজুৰ ভিতৰত কাণ, চকু আৰু শৰীৰে ভিন্ন ধৰণৰ সংকেত লাভ কৰে তেতিয়াই আমাৰ শৰীৰত থকা সিৰা উপসিৰাসমূহ বিভ্ৰান্ত হৈ যায়, যাৰ ফলত বমিৰ সমস্যাই দেখা দিয়ে। তেন্তে আহকচোন আমি আজি ভ্ৰমণৰ সময়ত হোৱা বমিৰ পৰা হাত সাৰিবলৈ কি উপায় অৱলম্বন কৰিব পাৰি জানি লওঁ:
১) তুলসী পাতঃ ভ্ৰমণৰ সময়ত তুলসী পাত চোবালে বমি কোনো দিনে নহয়।
২) নেমু আৰু পদিনাঃ এবটল নেমুৰস আৰু পদিনাৰ ৰস ক’লা নিমখ দি খালেও বমি ভাব দূৰ হয়।
৩) লংঃ অলপ লঙৰ গুড়ি এটা সৰু টেমাত লগতে ৰাখক। যেতিয়াই ভ্ৰমণত যায় তেতিয়াই লগত ৰাখক আৰু বমি ভাৱ আহিলে অলপ লং আৰু ক’লা নিমখ লৈ খাব পাৰে তেনে কৰিলে বমি ভাৱৰ পৰা মুক্তি পাব পাৰি।
৪) নেমুঃ দীৰ্ঘ ভ্ৰমণলৈ গ’লে নিজৰ লগত এটা পকা নেমু লগত ৰাখক। আপোনাৰ বমি বমি ভাৱ যেতিয়াই হয় তেতিয়াই নেমুৰ অলপ গোন্ধ লওক,এনে কৰিলে আপোনাৰ মনৰ পৰা বমি ভাৱ দূৰ হ’ব।
৫) নেমু আৰু জালুকঃনেমুত জালুক দি অলপ ক’লা নিমখ খাই দিলে বমি ভাৱ সহজতে নাইকিয়া হয়।

Leave A Reply

Your email address will not be published.