Daily Time Axom

সৰুপথাৰত কেন্দ্ৰীয় বীৰাংগনা সতী সাধনী দিৱসৰ বৰ্ণাঢ্য আয়োজন , উপস্থিত থাকিব মুখ্যমন্ত্ৰী সহ কেবাগৰাকী সাংসদ মন্ত্ৰী ,বিধায়ক ।

0 49

ডিজিটেল ডেস্কঃ সদৌ চুতীয়া জাতি সন্মিলন অসম, মহিলা সন্মিলন, যুৱ সন্মিলন, আৰু সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত, অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ সহযোগত আৰু ধনশিৰি, বোকাজান জিলা চুতীয়া জাতি সন্মিলনৰ লগতে ধনশিৰি বাসী ৰাইজৰ অভ্যৰ্থনাত অহা ২১ এপ্ৰিলত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে কেন্দ্ৰীয় বীৰাংগনা সতী সাধনী দিৱসটি এইবাৰ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ ছেৱাগুৰিৰ বীৰপাল সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হব। সমাজকৰ্মী জীৱন চুতীয়াক সভাপতি, ৰাজীৱ শইকীয়া আৰু মাধুৰ্য শইকীয়াক কাৰ্যকৰী সভাপতি, ডঃ প্ৰেমকান্ত বৰাক সাধাৰণ সম্পাদক, মুকুট শইকীয়া আৰু অভিজিত শইকীয়াক সম্পাদক হিচাপে লৈ ইতিমধ্যে গঠিত মূল উদযাপন সমিতি খনৰ লগতে আন কেবাখনো বিভিন্ন বিভাগৰ উপসমিতি গঠন কৰি সাধনী দিৱসৰ প্ৰস্তুতি পূৰ্ণ গতিত চলোৱা পৰিলক্ষিত হৈছে।তদুপলক্ষে পুৱা পৰিবেশ নিকাকৰণ, গছপুলি ৰোপণ, জাতীয় ধ্বজ্জা উত্তোলন, স্মৃতি তৰ্পণ, সতী সাধনীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ ,দেউকুৱেৰ শলিতা লগোৱা সকাম, ছাত্র ছাত্ৰীৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা, বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰ্যসূচী অনুষ্ঠিত হব।দুপৰীয়া সদৌ চুতীয়া জাতি সন্মিলন অসমৰ সভাপতি অমিয় কুমাৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হব লগা মুকলি সভাত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব। কৃষিমন্ত্ৰী অতুল বৰাই উদ্ধোধন কৰিব লগা মুকলি সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰিব বিশিষ্ট চল্লচিত্ৰ নিৰ্মাতা তথা প্ৰাক্তন অধ্যাপক দীনেশ গগৈয়ে।উদযাপন সমিতিৰ সভাপতি জীৱন চুতীয়াই আদৰণি ভাষণ আগবঢ়াবলগা সভাত উদযাপন সমিতিয়ে সর্বাংগ সুন্দৰকৈ প্ৰকাশ কৰি উলিওৱা এখন স্মৃতিগ্ৰন্থ আনুষ্ঠানিক ভাৱে উন্মোচন কৰিব ৰাজ্যৰ বিশিষ্ট সাহিত্যিক ইছমাইল হোছেইনে ।অনুষ্ঠানত কেবাগৰাকী সাংসদ, মন্ত্ৰী, বিধায়কৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ সন্মানীয় বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকিব।কেন্দ্ৰীয় ভাবে উদযাপন কৰিবলৈ লোৱা বীৰাংগনা সতী সাধনী দিৱসৰ প্ৰতিটো কাৰ্যসূচী সফল উদযাপন কৰাৰ ক্ষেত্ৰত সকলো ৰাইজৰ সহায় সহযোগ উদযাপন সমিতিয়ে কামনা কৰিছে

Leave A Reply

Your email address will not be published.