Daily Time Axom

২০এপ্ৰিলৰ পৰা নিৰুদ্দেশ হৈ আছে চৰাইদেউ জিলাৰ সৰুমা বড়া নামৰ ৪০বছৰীয়া এগৰাকী মহিলা।

0 8

ডিজিটেল ডেস্কঃ যোৱা ২০ এপ্ৰিলৰ পৰা নিৰুদ্দেশ হৈ আছে এগৰাকী মহিলা ।নিৰুদ্দেশ হোৱা মহিলাগৰাকী হৈছে চৰাইদেউ জিলাৰ ৰাঙলী থান পথাৰ গাঁৱৰ সৰুমা বড়া ।
উল্লেখযোগ্য যে, ২০ এপ্ৰিলৰ দিনা মৰাণ নগৰত বজাৰ কৰিবলৈ আহিছিল মহিলাগৰাকী। কিন্তু বজাৰৰ পৰা নিজ ঘৰলৈ ঘূৰি নাহিল সৰুমা বড়া।তেতিয়াৰে পৰা নিৰুদ্দেশ হৈ আছে ৪০ বছৰীয়া সৰুমা বড়া।ইতিমধ্যে পৰিয়ালৰ লোকে বিচাৰ – খোচাৰ কৰিও সন্ধান উলিয়াব পৰা নাই সৰুমাৰ। আনহাতে, মহিলাগৰাকীৰ লগত থকা মোবাইল ফোনটো বন্ধ হৈ আছে ।


ইফালে মহিলাগৰাকীৰ নিৰুদ্দেশ সন্দৰ্ভত মৰাণহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই।

Leave A Reply

Your email address will not be published.