Daily Time Axom

মেৰামতিৰ অভাৱত জহি খহি গৈছে উৰিয়ামঘাটৰ গড়কাপ্তানী বিভাগৰ পৰিদৰ্শন বঙলা

0 10

ডিজিটেল ডেস্ক:গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অসম নাগালেণ্ড সীমান্তৰ মুখ্যস্থান উৰিয়ামঘাটৰ ৰেংমা নদীৰ কাষতে বহু বছৰ পূৰ্বে নিৰ্মাণ কৰা গড়কাপ্তানী বিভাগৰ পৰিদৰ্শন বঙলাটো মেৰামতিৰ অভাৱত সম্প্ৰতি জহি খহি যাব ধৰিছে।ধনশিৰি মহকুমাৰ বৃহত্তৰ সীমান্তৱৰ্তী উৰিয়ামঘাট অঞ্চলৰ এই গড়কাপ্তানী বিভাগৰ অতি গুৰুত্বপূৰ্ণ পৰিদৰ্শন বঙলাটো মেৰামতি কৰি পুনৰজ্জীৱিত কৰি তুলিবলৈ স্থানীয় দল সংগঠন তথা ৰাইজে চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আজি বহু বছৰ ধৰি সৰৱ দাবী জনাই অহাৰ পিছতো কোনো গুৰুত্ব আৰোপ নকৰাত ক্ষোভিত হৈ পৰিছে দল সংগঠন তথা ৰাইজ। বৰ্তমান ভূত বঙলালৈ পৰিণত হৈছে পৰিদৰ্শন বঙলাটো । জানিব পৰা মতে আজি কিছু বছৰ আগলৈকে মহকুমাটোৰ অসম নাগালেণ্ড সীমান্ত অঞ্চলটোত দুস্কৃতিকাৰীৰ দ্বাৰা কিবা অপ্ৰীতিকৰ ঘটনা সংঘটিত হলে চৰকাৰৰ বৰ বৰ বিষয়া, মন্ত্ৰী, বিধায়ক সকল ঘটনাৰ পৰিস্থিতিৰ বুজ লবলৈ আহি উৰিয়ামঘাটৰ এই পৰিদৰ্শন বঙলাটোতে জিৰণি লৈ বিভাগীয় চৰকাৰী বিষয়া সকলৰ লগত আলোচনাত মিলিত হয়। কিন্তু পৰিদৰ্শন বঙলাটোৰ বৰ্তমান এনে ৰূপ লোৱাত আজি কালি কোনো বিষয়া কৰ্মচাৰী আহ যাহ নকৰা হল । সীমান্তবৰ্তী অঞ্চলটোৰ অতি গুৰুত্বপূৰ্ণ গড়কাপ্তানী বিভাগৰ এই পৰিদৰ্শন বঙলাটো শীঘ্ৰে মেৰামতি কৰি পুনৰোজ্জীৱিত কৰিবলৈ ৰাইজে চৰকাৰৰ ওচৰত দাবী জনাইছে।

Leave A Reply

Your email address will not be published.