Daily Time Axom

ভাৰতৰ সংকটৰ সময়ত সহায়ৰ বাবে আগবাঢ়ি আহিছে কেইবাখনো ৰাষ্ট্ৰ

0 12

ডিজিটেল ডেস্কঃ ক’ভিডৰ দ্বিতীয়টো লহৰৰ সময়তে দেশত দেখা দিছে সংকটে৷জুৰুলা ভাৰতক এতিয়া সহায় কৰিবৰ বাবে আগবাঢ়ি আহিছে মিত্ৰদেশসমূহ৷দেওবাৰে নিশা ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনচনে কয় যে সংকটৰ এনে সময়ত ভাৰতৰ কাষত ব্ৰিটেইনে থিয় দিব লগতে কয় যে, বৰ্তমানেও ব্ৰিটেইন চৰকাৰে ভাৰত চৰকাৰৰ সৈতে অহৰহ যোগাযোগ অব্যাহত ৰাখিছে৷জনছনৰ এনে বক্তব্যৰ পিছতেই ব্ৰিটেইন চৰকাৰৰ বিদেশ মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশৰ দ্বাৰা জনায় যে,দেশখনে ভাৰতলৈ সোনকালেই ৬০০বিভিন্ন চিকিৎসা সঁজুলি প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে৷যেনে অক্সিজেন কন্সট্ৰেটাৰ্ছ, ভেন্টিলেটৰ আদি ৷ উল্লেখ্যনীয় যে,ভাৰতত চিকিৎসাৰ বাবে প্ৰয়োজনীয় অক্সিজেনৰ ক্ষমতা বৃদ্ধিৰ বাবে ফ্ৰান্স আৰু জাৰ্মানীয়েও সহায় কৰিব বুলি ঘোষণা কৰিছে৷জাৰ্মানীৰ চেঞ্চেলাৰ এঞ্জেলা মাৰ্কেলে ভাৰতলৈ আগবঢ়োৱা এই সহায়ক “মিছন ছাপোৰ্ট ইণ্ডিয়া” নামেৰে নামাকৰণ কৰিছে ৷ আনহাতে দেওবাৰে নিশাই ছিংগাপুৰ চৰকাৰে ভাৰতলৈ সহায়ৰ বাবে এখন বিমান প্ৰেৰণ কৰে য’ত অক্সিজেন কন্সট্ৰেটাৰ্চ আৰু অন্যান্য চিকিৎসাৰ সঁজুলিও আছে৷ইউৰোপীয় সংঘইও ভাৰতক শীঘ্ৰে সহায় কৰিব বুলি জনায়৷ইয়াৰ লগতে ইৰাণৰ স্বাস্থ্যমন্ত্ৰী চৈয়দ নামাকীয়ে ভাৰতৰ স্বাস্থ্য মন্ত্ৰী ড০ হৰ্ষবৰ্ধনলৈ এখন পত্ৰ প্ৰেৰণৰ দ্বাৰা জনায় যে,ভাৰতক ইৰানে কাৰিকৰী সহায় কৰিব বুলি অৱগত কৰে ৷

Leave A Reply

Your email address will not be published.