Daily Time Axom

উত্তৰ প্ৰদেশত শুকুৰবাৰৰ নিশাৰ পৰা বলবৎ হ’ব লকডাউন

0 9

ডিজিটেল ডেস্ক :সমগ্ৰ দেশৰ লগতে অসমতো শেহতীয়াকৈ ক’ভিড-১৯ য়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়ত স্বাভাৱিকতে আতংকিত হৈ পৰিছে দেশৰ জনসাধাৰণ।এনে সংকটৰ সময়ত দেশৰ জনসাধাৰণক সজাগ সচেতন কৰিবলৈ বিভিন্ন ধৰণৰ কাৰ্য্য পন্থা হাতত লৈছে ভিন্ন ৰাজ্য সমুহৰ চৰকাৰ তথা প্ৰশাসনে।শেহতীয়াকৈ ক’ভিড -১৯ ক ৰুধিবলৈ উত্তৰ প্ৰদেশত লকডাউনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।উত্তৰ প্ৰদেশৰ আদিত্যনাথ চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।এই লকডাউন শুকুৰবাৰে নিশাৰ ভাগৰ পৰা মঙলবাৰৰ পুৱালৈকে বাহাল থাকিব।উত্তৰপ্ৰদেশত লকডাউন বাহাল থকা নিৰ্দিষ্ট দিনকেইটাত অত্যাৱশ্যকীয় সেৱা সমুহৰ বিপৰীতে বন্ধ থাকিব অন্য সকলোবোৰ সেৱা।

Leave A Reply

Your email address will not be published.