Daily Time Axom

আমেৰিকাত নিষিদ্ধ ভাৰতীয়ৰ প্ৰৱেশ।

0 14

ডিজিটেল ডেস্ক: দেশত অব্যাহত আছে মহামাৰী ক’ৰণাৰ সন্ত্ৰাস।আক্ৰান্তৰ সমান্তৰালভাৱে মৃত্যু মুখতো পৰিছে বহুতো লোক।ভাৰতৰ বৰ্তমানৰ পৰিস্থিতি প্ৰত্যক্ষ কৰি চিন্তিত হৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে ভাৰতত বাস কৰা আমেৰিকাবাসী লোকসকলক শীঘ্ৰেই নিজ দেশলৈ উভতি যোৱাৰ নিৰ্দেশনা জাৰি কৰিছিল কিছুদিন পূৰ্বে।আৰু শেহতীয়া তথ্য অনুসৰি আমেৰিকাত নিষিদ্ধ কৰিলে ভাৰতীয়ৰ প্ৰৱেশ।চলিত মাহৰ ৪ মে’ৰ পৰা প্ৰযোজ্য হ’ব এই নিৰ্দেশনা।ভাৰতৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছে আমেৰিকাৰ হোৱাইট হাউছে।

Leave A Reply

Your email address will not be published.