সমস্যাৰে ভাৰাক্ৰান্ত বাৰঘৰীয়াত ৰেংমা নদীৰ ওপৰত আজিও নহল স্থায়ী দলং নিৰ্মাণ
ডিজিটেল ডেস্ক: গোলাঘাট জিলাৰ ৯8 নং সৰুপথাৰ বিধান সভা সমষ্টিৰ ধনশিৰি মহকুমাৰ বাৰঘৰীয়াৰ বৃহৎ অঞ্চলটোৰ ৰাইজৰ জ্বলন্ত সমস্যা সমূহ অদ্যপৰিমিত সমাধা নোহোৱাত ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। সীমাহীন সমস্যাৰে ভাৰাক্ৰান্ত হৈ থকা ৰজপুখুৰী পঞ্চায়তৰ অন্তৰ্গত অঞ্চলটোৰ সমস্যা সমূহ সমাধা কৰিবলৈ বিভিন্ন ছাত্ৰ সংগঠন, অনুষ্ঠান, প্ৰতিষ্ঠান তথা ৰাইজে চৰকাৰৰ লগতে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আজি বহু বছৰ ধৰি সৰৱ দাবী জনাই আহিছে যদিও ৰাইজৰ সেই দাবী কেৱল দাবীয়েই হৈ আছে। অঞ্চলটোক লৈ সৰুপথাৰ সমষ্টিৰ পূৰ্বৰ কংগ্ৰেছৰ বিধায়ক গৰাকীৰ লগতে কোনো এটা বিভাগেও বৰ্তমান পৰ্যন্ত তিলমানো গুৰুত্ব নিদিয়াৰ এক গুৰুতৰ অভিযোগ উঠিছে। অঞ্চলটোত ৰাইজৰ উন্নয়ন কৰিবলৈ বহুতে আছে যদিও তাৰ ভিতৰত বিশেষকৈ বাৰঘৰীয়া আৰু বৰবিল বচাপথাৰ গাঁৱৰ মাজেৰে বৈ যোৱা ৰেংমা নদীৰ ওপৰত এখন স্থায়ী পকী দলং নিৰ্মাণ কৰা। কেবা দশক জুৰি বাৰঘৰীয়াৰ জম্বাঘাটৰ নদী খনৰ ওপৰত এখন বাঁহেৰে নিৰ্মিত জৰাজীৰ্ণ দলঙৰেদি স্কুলীয়া ছাত্ৰ ছাত্ৰীকে ধৰি ৰাইজ এক বিপদ সংকুল মাজেৰে যাতায়ত কৰি আছে। ইফালে নদীখনত বাৰিষা পানীৰে উপচি পৰিলে এখন টুলুঙা নাৱেৰে বিপদজ্জনক ভাবে নদী পাৰাপাৰ হব লাগে ৰাইজ । ৰাইজে ৰাজ্যৰ নৱগঠিত চৰকাৰক উক্ত জৰাজীৰ্ণ বাঁহৰ দলং খনৰ পৰিৱৰ্তে এখন স্থায়ী পকী দলং নিৰ্মাণ কৰিবলৈ দাবী জনাইছে ।