Daily Time Axom

কৰ’নাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নলবাৰীৰ শোলমাৰাৰ সোমবৰীয়া সাপ্তাহিক বজাৰ বন্ধ ।

0 77

ডিজিটেল ডেস্কঃ সমগ্র দেশতে কৰ’না সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নলবাৰী জিলা প্ৰশাসনে কৰা নিৰ্দেশ অনুসৰি পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত শোলমাৰাৰ সোমবাৰে সোমবৰীয়া সাপ্তাহিক বজাৰ বন্ধ ৰখা হয় ৷শোলমাৰা বজাৰ পৰিচালনা সমিতিৰ সভাপতি কন্দৰ্প বৰ্মন আৰু বিষয়ববীয়া সকলে পুৱাৰ ভাগতে বজাৰখনত উপস্থিত হৈ সপ্তাহিক বজাৰখন বন্ধ কৰি দিয়ে লগতে ক্ৰেতা-বিক্ৰেতা সকলক কৰোণা মহামাৰীৰ সৈতে যুজ দিবলৈ আহ্বান জনায় ৷উল্লেখযোগ্য যে পশ্চিম নলবাৰীৰ বিভিন্ন গাঁৱত ক’ভিডৰ সংখ্যা বৃদ্ধি পোৱাত বজাৰ পৰিচালনা সমিতিয়ে সকলো ৰাইজক সজাগ হ’বলৈ অনুৰোধ ।


আনহাতে জিলা প্ৰশাসনে যেতিয়াৰলৈকে বজাৰ খোলা ঘোষণা নকৰে তেতিয়াৰলৈকে শুক্ৰবাৰ আৰু সোমবাৰৰ বজাৰ বন্ধ ৰখা হ’ব বুলিও সিদ্ধান্ত গ্ৰহণ কৰে ৷

Leave A Reply

Your email address will not be published.