Daily Time Axom

ৰাজ্যৰ বিদ্যালয় সমুহত ঘোষণা কৰিলে আগতীয়া গৰমৰ বন্ধ

0 10

ডিজিটেল ডেস্ক: দেশ তথা ৰাজ্যত অব্যাহত আছে মহামাৰী ক’ভিড -১৯ ৰ সংক্ৰমণ। প্ৰতিদিনে বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। ৰাজ্যৰ এনে ভয়াবহ পৰিস্থিতিত ক’ভিড -১৯ ক ৰোধ কৰিবৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে কেতবোৰ ব্যৱস্থা।শেহতীয়াকৈ ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জাৰি কৰিছে কেইবাখনো SOP।

চৰকাৰে ৰাজ্যৰ বিদ্যালয় সমুহত ঘোষণা কৰিছে আগতীয়া গৰমৰ বন্ধ।১৫ মে’ ৰ পৰা ১৪ জুনলৈকে গৰমৰ বন্ধ ঘোষণা কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে।সচৰাচৰ ১জুলাইৰ পৰা আৰম্ভ হব লগা গৰমৰ বন্ধ এইবাৰ ক’ভিড সৃষ্ট পৰিবেশৰ বাবে বিদ্যালয় সমুহ ইতিমধ্যে বন্ধ হৈ আছে আৰু তাৰ বাবেই সেই খতি সমুহ পুৰন কৰাৰ উদ্দেশ্যে আগুৱাই দিয়া হৈছে গৰমৰ বন্ধ । এই সন্দৰ্ভত শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যান চক্ৰৱৰ্তীয়ে জাননী জাৰি কৰিছে সংশ্লিষ্ট বিভাগলৈ।

Leave A Reply

Your email address will not be published.