Daily Time Axom

সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান মৃণাল দাসৰ মৃত্যুত আমোলা সন্থাৰ শোক

0 10

ডিজিটেল ডেস্ক :-সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান মৃণাল দাস ক’ভিডত আক্রান্ত হৈ শনিবাৰে পুৱাৰ ভাগত গুৱাহাটীৰ জি এম চি এইচত মৃত্যু হোৱা খবৰে ৰাজ্যৰ সমগ্ৰ কৰ্মচাৰী সমাজক বাৰুকৈয়ে মৰ্মাহত কৰি তুলিছে।অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সূদক্ষ কৰ্মচাৰী হিচাপে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰাৰ উপৰিও কৰ্মচাৰী সমাজৰ সমস্যা সমূহ সমাধানৰ বাবে সদা সচেতন হৈ থকা মৃণাল দাসৰ মৃত্যুত ৰাজ্যৰ বিভিন্ন দল সংগঠনৰ লগতে সদৌ অসম আমোলা সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দিলীপ কোঁৱৰ আৰু সাধাৰণ সম্পাদক সত্যনাৰায়ন ৰায়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছে। ইফালে সদৌ অসম কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত ধনশিৰি জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি দিলীপ কোঁৱৰ আৰু সাধাৰণ সম্পাদক বাবুল সন্দিকৈয়েও মৃণাল দাসৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। এক বিবৃতিত আমোলা সন্থাৰ কেন্দ্ৰীয় সভাপতি দিলীপ কোঁৱৰ আৰু সাধাৰণ সম্পাদক সত্যনাৰায়ন ৰায়ে মৃণাল দাসৰ মৃত্যুত ৰাজ্যৰ কৰ্মচাৰী সমাজৰ বাবে এক অপূৰণীয় ক্ষতি হল বুলি উল্লেখ কৰে।

Leave A Reply

Your email address will not be published.