Daily Time Axom

২০২০ চনৰ ব্ৰহ্মাণ্ড সুন্দৰী প্ৰতিযোগিতাত তৃতীয় ৰানাৰ্ছ-আপ লাভ কৰি ভাৰতলৈ উভতিল এডলিন

0 21

ডিজিটেল ডেস্ক: অলপতে আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত হৈ গল ২০২০ চনৰ ব্ৰহ্মাণ্ড সুন্দৰী প্ৰতিযোগিতা। মুঠ ৭৪ খন দেশে অংশ লোৱা উক্ত প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰিছিল সুন্দৰী এডলিন কেষ্টেলিনে। ভাৰতৰ সুন্দৰী এডলিন কেষ্টেলিনে ২০২০ চনৰ ব্ৰহ্মাণ্ড সুন্দৰীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম নহল যদিও ইয়াৰ পিছৰ পাঁচটা সন্মানৰ তৃতীয়টো সন্মান লাভ কৰিবলৈ সক্ষম হ’ল।কেষ্টেলিনে তৃতীয় ৰানাৰ্ছ-আপ লাভ কৰাৰ পিছতেই আমেৰিকাৰ পৰা উভতি আহি নিজ দেশ ভাৰতত উপস্থিত হোৱাৰ পিছতেই এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈছে তেওঁৰ কেইখনমান বিশেষ আলোকচিত্ৰ।

আমেৰিকাৰ ফ্ল’ৰিডাৰ পৰা আহি ভাৰতত উপস্থিত হোৱাৰ পিছতে এয়াৰপৰ্টতে ভাৰতৰ জাতীয় পতাকা উৰুৱাই সুন্দৰী গৰাকীয়ে। তেওঁ পৰিধান কৰা মাক্সখন খনত লিখা আছিল ‘মিছ ইউনিৰ্ভাছ ইণ্ডিয়া’।উভতাৰ পথত সুন্দৰী এডলিনক যথেষ্ট আত্মবিশ্বাসী ৰূপত দেখা গৈছে।উল্লেখযোগ্য যে ২০২০ চনৰ ‘লিভা মিছ ডিভা ইউনিৰ্ভাছ’ সুন্দৰী প্ৰতিযোগিতাৰ খিতাপ দখল কৰি ব্ৰহ্মাণ্ড সুন্দৰী প্ৰতিযোগিতাৰ যোগ্যতা অৰ্জন কৰিছিল‌।

Leave A Reply

Your email address will not be published.