Daily Time Axom

ক’ভিড আক্ৰান্ত ৰোগীৰ কাষত জনপ্ৰিয় অভিনেতা চলমান খান

0 16

ডিজিটেল ডেস্ক: সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা মহামাৰী কৰ’ণাৰ সন্ত্ৰাস বৰ্তমানলৈকে অব্যাহত আছে।দেশত প্ৰতিদিনাই বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা।দেশৰ এনে সংকটৰ সময়ত সহায়ৰ বাবে আগবাঢ়ি আহিছে ক্ৰিকেটাৰ, প্ৰভাৱশালী লোকৰ পৰা বলীউডৰ তাৰকা সকললৈকে।শেহতীয়াকৈ কৰ’ণাত আক্ৰান্ত ৰোগীক সহায়ৰ হাত আগবঢ়াইছে চলমান খানেও। জনপ্ৰিয় অভিনেতা গৰাকীয়ে চ’ছিয়েল মেডিয়াত অক্সিজেন কনচেনট্ৰেটৰ ফটো এখন শ্বেয়াৰ কৰি এই কথা সদৰী কৰিছে। ফটোখন শ্বেয়াৰ কৰাৰ পিছতে কয়, এয়া তেওঁলোকলৈ, সিকলৰ অক্সিজেন কনচেনট্ৰেটৰ প্ৰয়োজন আছে। ইয়াৰ লগতে তেখেতে জনায় ৫০০ অক্সিজেন কনচেনট্ৰেটৰ ইতিমধ্যে মুম্বাইলৈ পথোৱা হ’ল । লগতে এটা হেল্পলাইন নম্বৰ খোলা ৰাখিছে অভিনেতা গৰাকীয়ে ।ক’ভিডত আক্ৰান্ত ৰোগী সকলক জৰুৰীকালীন ভাৱে অক্সিজেন কনচেনট্ৰেটৰ প্ৰয়োজন হ’লে হেল্পলাইন নম্বৰটোৰ জৰিয়তে যোগাযোগ কৰিব পাৰিব।হেল্পলাইন নম্বৰটোত সকলো ৰোগীৰ বাবে ফোন বা মেছেজ দুয়োটাই খোলা ৰাখিছে বুলিও উল্লেখ কৰে অভিনেতা গৰাকীয়ে।উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে অভিনেতা গৰাকীক মানুহৰ মাজত খাদ্যৰ টোপোলা বিলোৱা পৰিলক্ষিত হৈছিল।

Leave A Reply

Your email address will not be published.