Daily Time Axom

পাঞ্জাৱ চৰকাৰৰ বিশেষ ঘোষণা,ক’ভিডত অনাথ হোৱা শিশু আৰু উপাৰ্জনকাৰী মুৰব্বীক হেৰুৱা পৰিয়ালে লাভ কৰিব বিশেষ সুবিধা

0 7

ডিজিটেল ডেস্ক: সমগ্ৰ দেশতে ক’ভিড-১৯ য়ে ভৱাবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে।দেশৰ জনসাধাৰণ হৈ পৰিছে শংকিত।প্ৰতিদিনাই ক’ভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে প্ৰতিদিনাই বাঢ়িছে মৃত্যু হোৱা লোকৰ সংখ্যাও।বহুতো পৰিয়াল ক’ভিডৰ এই ধুমুহাত নি:শেষ হৈ পৰিছে।বহুত শিশুৱে পিতৃ-মাতৃ দুয়োকে হেৰুৱাই হৈ পৰিছে অনাথ।অনাথ হৈ পৰা এই শিশু সকলক লৈ এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে পাঞ্জাৱ চৰকাৰে।এই শিশু সকলক চৰকাৰে সুৰক্ষা পেঞ্চনৰ জৰিয়তে প্ৰতিমাহে প্ৰদান কৰিব ১৫০০ টকা।ইয়াৰোপৰিও উক্ত শিশু সকলক স্নাতক পৰ্যন্ত চৰকাৰে বিনামূলীয়া ভাৱে শিক্ষা গ্ৰহণৰ সুবিধা প্ৰদান কৰিব।বৃহস্পতি বাৰে এই কথা ঘোষণা কৰে পাঞ্জাৱ চৰকাৰে।ইয়াৰ লগতে যিসকল পৰিয়ালে পৰিয়ালৰ মুল উপাৰ্জনকাৰী ব্যক্তিসকলক ক’ভিডৰ বাবে হেৰুৱাব লগা হ’ল তেওঁলোকেও লাভ কৰিব এই সুবিধা সমুহ।পাঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দ সিঙে এই কথা ঘোষণা কৰি কয়,এই শিশু সকলৰ দায়িত্ব লোৱাটো চৰকাৰৰ ৰাজ্যিক কৰ্তব্য।উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিটো পদক্ষেপ ৰাজ্যৰ অগ্ৰগতিৰ বাবে আৰু এক সুন্দৰ ফলাফল লাভ কৰিবৰ বাবে এখন বিশেষ সমিতি গঠন কৰাৰ কথা ঘোষণা কৰিছে।

Leave A Reply

Your email address will not be published.