Daily Time Axom

কৰ্ণাটকত ৭ জুনলৈ লকডাউন বৃদ্ধি

0 15

ডিজিটেল ডেস্ক: দেশ তথা ৰাজ্যক মহামাৰী কৰ’ণাই গ্ৰাস কৰি ৰাখিছে । দেশবাসীৰ সমুখত প্ৰতিটো দিনেই ধৰা দিছেহি জটিল হৈ। ক’ভিডৰ দ্ৰুত সংক্ৰমণ আৰু ভৱাবহতাত আতংকিত হৈ পৰিছে দেশৰ জনসাধাৰণ । এনে ভৱাবহ পৰিস্থিতিত দেশৰ প্ৰতিখন ৰাজ্য চৰকাৰে নিজ ৰাজ্য সমুহত গ্ৰহণ কৰিছে যাৱতীয় ব্যৱস্থা । শেহতীয়াকৈ ক’ভিড সংক্ৰমণ ৰোধ কৰাৰ হেতুকে কৰ্ণাটক চৰকাৰে লকডাউন বঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এচ য়েদিয়ুৰাপ্পায়ে ঘোষণা কৰিছে এই কথা।ৰাজ্য খনত যোৱা ২৪ ঘন্টাত ৩২,২১৮ গৰাকীকৈ লোক নতুনকৈ আক্ৰান্ত হোৱাৰ সমান্তৰালভাৱে ৩৫৩ গৰাকী লোক আক্ৰান্ত হৈ মৃত্যু হৈছে । ক’ভিডৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিয়েই লকডাউন বঢ়োৱাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে। অৰ্থাৎ কৰ্ণাটকত ৭ জুনলৈ পৰ্যন্ত বাহাল থাকিব লকডাউন।

Leave A Reply

Your email address will not be published.