প্ৰথম ভাৰতীয় হিচাপে পেৰা অলিম্পিকত টাইকোৱানডো খেলিব অৰুণাই।
ডিজিটেল ডেস্কঃ-পেৰা অলিম্পিকত প্ৰথম বাৰৰ বাবে টাইকোৱানডোত ভাৰতে প্ৰতিদ্বন্দিতা আগবঢ়াব। ভাৰতৰ হৈ টাইকোৱানডোত প্ৰতিদ্বন্দিতা আগবঢ়াব অৰুণা তানৱাৰে। টাইকোৱানডোৰ ক্ষেত্রখনত দুৰন্ত প্ৰদৰ্শনৰ বাবে বৃহস্পতিবাৰে ৱাইল্ড কাৰ্ড লাভ কৰে অৰুণাই। অনূৰ্ধ্ব ৪৯ কেজি শাখাত ৪নং স্থানত অৰুণা । আনহাতে অৰুণা তানৱাৰ টাইকোৱানডোৰ ৫ বাৰকৈ নেশ্বনেল চেম্পিয়ন । ইয়াৰোপৰি যোৱা ৪বছৰে অৰুণাই এছিয়া পেৰা টাইকোৱানডো চেম্পিয়নশ্বিপ আৰু বিশ্ব পেৰা টাইকোৱানডো চেম্পিয়নশ্বিপত নিয়মিতভাৱে পদক জয় কৰিছে। অৰুণাক লৈ আশাবাদী ভাৰতীয় টাইকোৱানডো সন্থাৰ সভাপতি নামদেব শ্বিৰগাওকৰে কয় যে, “পেৰা অলিম্পিকত প্ৰথম ভাৰতীয় হিচাপে অংশগ্রহণ কৰিব অৰুণাই, সকলো খেলুৱৈ বিশেষকৈ মহিলা খেলুৱৈ সকলৰ বাবে অৰুণা হৈ ৰ’ব দৃষ্টান্ত।ভাৰতীয় আৰু বিশ্ব টাইকোৱানডো সন্থাৰ ওচৰত আমি কৃতজ্ঞ। অৰুণাক ইতিমধ্যে টাৰ্গেট অলিম্পিক প’ডিয়াম প্ৰকল্পত অন্তর্ভুক্ত কৰা হৈছে।