Daily Time Axom

বিধায়ক বিশ্বজিৎ ফুকনৰ উপস্থিতিত উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ খুঁটা স্থাপনত ক্ষতি হোৱা লোকৰ মাজত চেক প্ৰদান ।

0 16

ডিজিটেল ডেস্কঃগোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সৰুপথাৰৰ দক্ষিণ গোলাঘাট উন্নয়ন খণ্ড কাৰ্যালয়ৰ সভা কক্ষ প্ৰাঙ্গনত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ উপস্থিতিত আজি ক’হিমা মৰিয়ণী ট্ৰেন্সমিচন লিমিটেডে ধনশিৰি মহকুমাত উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ সংযোগী খুঁটা বহুৱাৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক আনুষ্ঠানিক ভাবে চেক যোগে ক্ষতিপুৰণ প্ৰদান কৰে। জানিব পৰা মতে ক’হিমা মৰিয়ণী ট্ৰেন্সমিচন লিমিটেডৰ অধীনত বহুদিনৰ আগতেই ধনশিৰি মহকুমাৰ মাজেৰে এক উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ সংযোগী খুঁটা স্থাপন কৰিছিল। কিন্তু সেই খুঁটা বহুৱাৰ সময়ত অঞ্চলটোৰ মাটিৰ স্বত্বাধিকাৰী সকলে উপযুক্ত ক্ষতিপুৰণ পোৱা নাছিল আৰু যথোপযুক্ত যোগাযোগ নথকাৰ বাবেই বহু লোকে ক্ষতিপুৰণ নোপোৱাকৈয়ে ৰয় । উক্ত বিষয়টো বৰপথাৰ অঞ্চলৰ কেইজনমান ব্যক্তিয়ে বিধায়ক বিশ্বজিৎ ফুকনক অৱগত কৰোৱাত তেখেতে সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি আলাপ আলোচনাৰ মাজেৰে ক্ষতিগ্ৰস্ত লোকসকলক উপযুক্ত ক্ষতিপুৰণ দিয়াৰ ব্যৱস্থা হাতত লয় । আজি সৰুপথাৰ ব্লক সৰুপথাৰৰ গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সভা কক্ষত ক’হিমা মৰিয়ণী ট্ৰেন্সমিচন লিমিটেডৰ বিষয়াসকলৰ লগতে বিধায়ক বিশ্বজিৎ ফুকনৰ উপস্থিতিত লগতে সৰুপথাৰৰ ৰাজহ চক্ৰ বিষয়া সোণতৃষ্ণা ঘৰফলীয়াৰ সহযোগত ক’ভিড প্ৰট’কলৰ মাজেৰে আনুষ্ঠানিকতাৰে ভালেকেইজনলোকক ক্ষতিপুৰণৰ ধনৰাশি চেকযোগে প্ৰদান কৰে। বাকী ৰৈ যোৱা ক্ষতিগ্ৰস্ত ব্যক্তি সকলক চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ যোগেদি অনাগত দিনত চেক প্ৰদান কৰা হব বুলি জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.