Daily Time Axom

সৰুপথাৰত লকডাউন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হল আৰক্ষী ।

0 10

ডিজিটেল ডেস্ক :গোলাঘাট জিলাৰ ধনশিৰি মহকুমাত শেহতীয়াকৈ ক’ভিড সংক্ৰমনে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। চৰকাৰে ক’ভিড বিধি মানি চলিবলৈ বাৰে বাৰে জনসাধাৰণৰ প্ৰতি আহ্বান জনায় আহিছে যদিও চৰকাৰৰ সেই আহ্বানৰ প্ৰতি একাংশ লোকে কোনো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই।আজি মহকুমাটোৰ সৰুপথাৰত লকডাউনৰ চৰকাৰী নীতিনিয়ম ভংগকাৰী সকলৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷

উল্লেখযোগ্য যে, সৰুপথাৰৰ বিভিণ্ণ প্ৰান্তত লকডাউনৰ সময়চোৱাত কোনো কাৰণ নোহোৱাকৈ ঘূৰি ফুৰা প্ৰায় ৫০ জন লোকক আটক কৰে আৰক্ষীয়ে ৷ আটকাকৰা লোক সকলক এখন বাছত উঠাই সৰুপথাৰ থানালৈ লৈ আনে । পিছত আৰক্ষীয়ে চৰকাৰী নিৰ্দেশনা ভংগ কৰাৰ অভিযোগত জৰিমনা বিহি লোক সকলক পুনৰ মুকলি কৰি দিয়ে ৷উল্লেখ্য যে ধনশিৰি মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত আজি পুৱাৰে পৰা সৰুপথাৰ অঞ্চলত এই অভিযান চলিছিল। আৰক্ষীয়ে জানিবলৈ দিয়া মতে সমগ্ৰ ধনশিৰি মহকুমাতে এনে অভিযান প্ৰতিদিনে অব্যাহত থাকিব ৷ উল্লেখযোগ্য যে কালি সৰুপথাৰলৈ অহা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে চৰকাৰী নীতি নিয়মভংগকাৰীৰ বিৰুদ্ধে সৰুপথাৰ আৰক্ষীক কঠোৰ হবলৈ নিৰ্দেশ প্ৰদান কৰি গৈছিল।

Leave A Reply

Your email address will not be published.