Daily Time Axom

কৰ’না মহামাৰীৰ সময়ত দৃষ্টি ডেভেলপমেন্ট আৰু কমিউনিকেশ্যন লিমিটেডৰ Covid টীকাকৰন দিয়াত বিশেষ প্রদক্ষেপ

0 13

ডিজিটেল ডেস্ক : কৰ’না মহামাৰীৰ সময়ত  দৃষ্টি ডেভেলপমেন্ট আৰু কমিউনিকেশ্যন লিমিটেডৰ Co-founder আৰু Managing director ক্ৰমে satyan Mishra ,Shailesh Thakur আৰু Nitin Ghachayat ৰ তত্বাৱধানত  ক’ভিড 19 টীকাকৰন  দিয়াৰ ক্ষেত্ৰত সৰ্বভাৰততে বিশেষ ধৰণৰ অৰিহণা যোগাবলৈ সক্ষম হৈছে।প্ৰতিষ্ঠান কেইটাৰ কৰ্মকৰ্তা সকলে জানিবলৈ দিয়া মতে গোলাঘাট জিলাৰ চাৰি খন গাঁও ক্ৰমে বছাগাওঁ, নাহৰনী , কুৰালগুৰি আৰু যোজনীয়া গাঁওত দৃষ্টি SBI গ্ৰাহক সেৱা কেন্দ্ৰ সমূহৰ পৰিচালনাত আৰু  উত্তৰ পুর্বাঞ্চলৰ ক্ষেত্ৰীয় দৃষ্টি ডেভেলপমেন্ট আৰু কমিউনিকেশ্যন  লিমিটেডৰ মুখ্য প্ৰবন্ধক পৰাগধৰ কোঁৱৰৰ তত্বাবধানত  ক’ভিড 19 টীকাকৰন দিয়া কাৰ্য্যসূচী ইতিমধ্যে ৰূপায়ন হৈ যায় । দৃষ্টি ডেভেলপমেন্ট আৰু কমিউনিকেশ্যন লিমিটেডৰ গোলাঘাটৰ  সকলো কৰ্মকৰ্তাৰ লগতে জিলা স্বাস্থ্য বিভাগ আৰু গাঁওৰ সচেতন যুৱক সকলে বিশেষ ভাৱে সহায়ৰ হাত আগবঢ়াই ।প্ৰতিষ্ঠানটোৱে সেই সমুহ অঞ্চলত কভিড 19 টীকাকৰন দিয়াৰ লগতে গোলাঘাটৰ আন আন ভিতৰুৱা অঞ্চসমূহতো ৰাইজক ক’ভিদ 19 টীকাকৰন দিয়াৰ ব্যৱস্থা হাতত লৈ আছে ।প্ৰতিষ্ঠানটোৰ গোলাঘাটৰ সকলো কৰ্মকৰ্তাই ক’ভিড19 টীকাকৰন দিয়াৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগ , গাঁও পঞ্চায়ত আৰু ,জিলাৰ উপায়ুক্তৰ লগত যোগাযোগ স্থাপন কৰি আছে।

দৃষ্টি ডেভেলপমেন্ট আৰু কমিউনিকেশ্যন লিমিটেডে  ৰাইজৰ সুবিধাৰ্থে পোনপ্ৰথম বাৰৰ বাবে ‘স্বাবলম্বন’  প্ৰকল্পৰ অধীনত ‘ মিৰি বাৰ্তাৰ ‘ মবাইল এপ আৰু Cowin portal ৰ জৰিয়তে জনসাধাৰণক ৰেজিষ্টাৰ কৰাই ক’ভিড 19 টীকাকৰন দিয়াত  সহায় আগবঢ়াবলৈ সক্ষম হৈছে। কভিড 19 য়ে জুৰুলা কৰা ৰাইজক কিছু সকাহ দিবৰ বাবে প্ৰতিষ্ঠানটোৱে  এনে সমূহ কাৰ্য ৰূপায়ণ কৰিছে ।প্ৰতিষ্ঠানটোৱে  যোৱা ২৪-২৫ বছৰ ধৰি সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ বাবে উন্নয়নৰ বিভিন্ন প্ৰকল্প হাতত লৈ আহিছে।  বিশেষকৈ মহিলা সবলীকৰণ , কৃষি প্ৰশিক্ষণ , গাঁৱৰ মানুহক বজাৰ মুখি কৰন , গ্ৰাম্য অৰ্থনীতিৰ বিকাশ আদি বহু ধৰণৰ কাৰ্য্যসূচী সামৰি লৈছে ।এই ফাউণ্ডেশ্যন টোৱে প্রায় ৫০ হাজাৰ ৰাইজক ক’ভিড 19 টীকাকৰণ দিয়াৰ বাবে লক্ষ্য স্থিৰ কৰি লৈছে  । এই স্বাৱলম্বন প্ৰক্ৰিয়াটোৰ দ্বাৰা জনসাধাৰণৰ বহু  ক্ষেত্ৰত সহায়ক হ’ব বুলি প্ৰতিষ্ঠানটোৱে  আশা প্ৰকাশ কৰিছে।

Leave A Reply

Your email address will not be published.