Daily Time Axom

ছেপ্তেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা খুলিব শিক্ষানুষ্ঠান। ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক।

0 20

আজি অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাৰ ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক। বৈঠকৰ অন্তত মন্ত্ৰী কেশৱ মহন্ত, ৰঞ্জিৎ দাস, ৰণোজ পেগুৱে সম্বোধন কৰে সংবাদমেল। আজিৰ কেবিনেট বৈঠকত ৰাজ্যৰ শিক্ষিত নিবনুৱাৰ বাবে আকৌ ভাল খবৰ আনিলে ৰাজ্য চৰকাৰে।

কি কি সিদ্ধান্ত লোৱা হল কেবিনেট বৈঠকতঃ

কেবিনেটত ধেমাজিৰ মৰিধলৰ ছাত্ৰীগৰাকীৰ মৃত্যুত শোকপ্ৰকাশ। ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰা হ’ব আৰু Spl.DG জি পি সিঙক তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

শিক্ষানুষ্ঠানত হ’ব ভেকচিনৰ বিশেষ শিবিৰ। শিক্ষাখণ্ডৰে জড়িত সকলো শিক্ষক-কৰ্মচাৰী, ১৮ বছৰৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ভেকচিন প্ৰদান শিবিৰ কাইলৈৰ পৰা ৫ ছেপ্তেম্বৰলৈ অনুষ্ঠিত হ’ব।

১ ছেপ্তেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষ, মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ পাঠদান আৰম্ভ হ’ব। হোষ্টেলসমূহো খোলাৰ ব্যৱস্থা কৰিব, কিন্তু আৱাসী-নিৱাসীসকলৰ ডাৱল ভেকচিন বাধ্যতামূলক।

৩০ বা ৩১ আগষ্টত শিক্ষা বিভাগে ঘোষণা কৰিব বিশেষ SOP

সংবাদমেলত উপস্থিত থাকি মন্ত্ৰী ৰঞ্জিত দাসে মাজুলী, বজালী, দক্ষিণ শালমৰাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৩টা নতুন সংমণ্ডল খোলাৰ সিদ্ধান্ত গ্ৰহণৰ কথা উল্লেখ কৰে।

কেশৱ মহন্তই সংবাদমেলত কয় যে,

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ৩ ছেপ্তেম্বৰৰ জন্মদিনটো ক্ৰীড়া দিৱস হিচাপে পালন কৰিব, ক্ৰীড়া পেঞ্চন ৮ হাজাৰৰ পৰা ১০ হাজাৰলৈ বৃদ্ধি।

ৰাষ্ট্ৰীয় খেল, এচিয়ান গেমচ, কমনৱেল্থ গেমচ, অলিম্পিয়ানসকললৈ প্ৰতিমাহে ১০ হাজাৰকৈ জীৱনজোৰা পেঞ্চন।

জিলা উপায়ুক্তসকলক জিলাৰ ভিতৰতে নিৰ্দিষ্ট বিভাগীয় মুৰব্বীৰে কথা পাতি বদলি কৰাৰ কৰ্তৃত্ব প্ৰদান, তৃতীয় শ্ৰেণী পৰ্যায়ৰ হ’ব এই ৰদ-বদল।

চাইঞ্চ এণ্ড টেকন’ল’জি বিভাগৰ নতুন নামাকৰণ চাইঞ্চ, টেকন’ল’জি এণ্ড ক্লাইমেট চেঞ্জ।

বিটিএডিত হোৱা বান পৰিস্থিতি বুজ ল’বলৈ যোগেন মোহন আৰু ইউ জি ব্ৰহ্মক কাইলৈ যোৱাৰ নিৰ্দেশ।

লোক নিৰ্মাণ বিভাগৰ চাৰ্কল অ’ফিচ ৫টাৰ পৰা ১৩টালৈ বৃদ্ধি, ডিভিজন অ’ফিচ ১৭ৰ পৰা ৩৭টা লৈ বৃদ্ধি, চাব ডিভিজন অ’ফিচ ৪৯ৰ পৰা ৭৭টালৈ বৃদ্ধি, বৰ্ধিত বিভাগসমূহৰ বাবে ৮০৪টা কাৰিকৰী নতুন পদ সৃষ্টি। ইয়াৰ উপৰিও নন-টেকনিকেল পদো ভালেখিনি সৃষ্টি হ’ব বুলি জনাই মন্ত্ৰীগৰাকীয়ে।

Leave A Reply

Your email address will not be published.