Daily Time Axom

গুৱাহাটী আৰু নলবাৰীত বিজেপিৰ কাৰ্যনিৰ্বাহক সভা

0 19

গুৱাহাটীৰ পল্টনবজাৰস্থিত শ্ৰীমন্ত শংকৰ কৃষ্টি বিকাশ সমিতিৰ প্ৰেক্ষাগৃহত আয়োজিত মধ্য গুৱাহাটী মণ্ডলৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাত বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য , গুৱাহাটী মহানগৰ সাংগঠনিক জিলাৰ সভাপতি মৃগেন শৰণীয়া , মণ্ডল সভাপতি অসীম কুমাৰ হাজৰিকাকে ধৰি আন আন বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল।
নলবাৰী জিলাতো সোমবাৰে ৰাজ্যিক বিজেপিৰ মণ্ডলৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। তাৰেই অংশস্বৰূপে নলবাৰী সমষ্টিৰ অন্তৰ্গত ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ মণ্ডল কাৰ্যলায়ৰ পৰা নলবাৰী সমষ্টিৰ আঠটা মণ্ডলৰে কাৰ্য নিৰ্বাহক সদস্য সকলক সম্বোধন কৰে বিধায়ক জয়ন্ত মল্ল বৰুৱাই আৰু লগতে পূব নলবাৰী মণ্ডল সমিতিৰ কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকি সদস্য সকলৰ সৈতে মত বিনিময় কৰে।

Leave A Reply

Your email address will not be published.