Daily Time Axom

দুঃসাহসী নাৰী অঞ্জলি দাসৰ খোজকাঢ়ি লাডাখ ভ্ৰমণ ৷ গৃহভুমিত উষ্ম আদৰণি ৷

0 15

নাম অঞ্জলি দাস ৷ দুৰ্দান্ত সাহস আৰু ইচ্ছা শক্তিৰ প্ৰতীক স্বৰূপ অসমৰ এই গৰাকী নাৰী ৷ ৰ’দ-বৰষুণ কাটি কৰি কেৱল খোজ কাঢ়ি অসমৰ পৰা লাদাখ যাত্ৰা সম্পূৰ্ণ কৰি উভতি আহিল এই লৌহ মানৱী ৷ হয়, কামৰূপ গ্ৰাম্য জিলাৰ অসমৰ মিৰ্জাৰ বৰিহাটৰ ৪২ বছৰীয়া খেলুৱৈ অঞ্জলি দাসে লাডাখলৈ ৯০ দিনীয়া যাত্ৰা সম্পূৰ্ণ কৰিছে আৰু সেয়াও খোজকাঢ়ি।

ফিট ইণ্ডিয়া আন্দোলনৰ অধীনত শাৰীৰিক সুস্থতাৰ গুৰুত্বৰ বিষয়ে লোকসকলক অৱগত কৰিবলৈ খেলুৱৈজনে এই কষ্টকৰ যাত্ৰা আৰম্ভ কৰিছিল।

মিৰ্জাৰ পৰা লাডাখলৈ যাত্ৰা ২০২১ চনৰ ১৩ আগষ্টত আৰম্ভ হৈছিল। যাত্ৰাটোৰ বাবে তেওঁ সঞ্চয়ৰ ধন ব্যৱহাৰ কৰিছিল আৰু নিজ অঞ্চলৰ কেইজনমান শুভাকাংখীয়েও ৯০ দিনৰ যাত্ৰাৰ বাবে তাইলৈ কিছু ধন আগবঢ়াইছিল । ভ্ৰমণ সামৰি নিজৰ ঘৰত আহি উপস্থিত হোৱাৰ পিছত দুঃসাহসী নাৰী গৰাকীক উষ্ম আদৰণি জনায় মাৰ্জা আৰু বৰিহাটবাসীয়ে ৷

Leave A Reply

Your email address will not be published.