Daily Time Axom

মহাকাশত প্ৰতিদিনে দেৱালী; নাছাই ফটো পোষ্ট কৰি জনালে দেৱালীৰ শুভেচ্ছা

0 10

নাছাই তৰাৰ দেশৰ ছবি পোষ্ট কৰি সকলোকে দেৱালীৰ শুভেচ্ছা জনাইছে দেৱালী উদযাপন কৰা সকললৈ । তেওঁলোকে পোহৰৰ এই উৎসৱত হাবল্ টেলিস্কোপত তোলা এখন ফটো শ্বেয়াৰ কৰিছিল। 
ছবিখন আশ্চৰ্যজনকভাৱে ধুনীয়া । তৰাৰে ভৰপূৰ ডাঠ ক’লা আকাশৰ এটা অংশত তৰাবোৰ জিলিকি আছে ফটোখনত। মিল্কি ৱেৰ কোলাৰ এই নক্ষত্ৰীয় প্ৰতিচ্ছবিয়ে সকলো সকলোকে প্ৰভাৱিত কৰিছে। এনে এখন ছবি উপহাৰ দিয়া বাবে সকলোৱে নাছা কৰ্তৃপক্ষকো ধন্যবাদ জনাইছে। নাছাই দেৱালীৰ শুভেচ্ছা জনোৱাৰ অভিনৱ কৌশলটোকো সকলোৱে শলাগ লৈছে ।

Leave A Reply

Your email address will not be published.