Daily Time Axom

গুৱাহাটীত অভিজাত বিদ্যালয়ত কমেও ১৫জন ক’ভিড আক্ৰান্ত ৷ ৭ দিনৰ বাবে কনটেইনমেন্ট জ’ন ঘোষণা ৷

0 19

ৰাজ্যৰ বিদ্যালয় সমূহ খোলাৰ লগে লগে এতিয়া বিভিন্ন ঠাইত সংক্ৰমণো অব্যাহত আছে ৷ গুৱাহাটীতো ইতিপূৰ্বে কেইবাখনো বিদ্যলয় কনটেইনমেন্ট জ’ন ঘোষণা কৰা হৈছে। এইবাৰ মহানগৰীৰ এখন অভিজাত বিদ্যালয় ক’ভিড সংক্ৰমণ ধৰা পৰিছে ৷
নেচনেল পাব্লিক স্কুল নামৰ বিদ্যালয়খনৰ ভালেকেইজন ছাত্ৰৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে ৷ সংক্ৰমিত প্ৰায় সংখ্যক ছাত্ৰ বিদ্যালয় চৌহদতে থকা ছাত্ৰাবাসৰ বাসিন্দা ৷ সেয়ে জিলা প্ৰশাসনে অহা ৯ পৰা ১৫ নৱেম্বৰলৈ সংক্ৰমিত হোষ্টেলক মাইক্ৰ’ কনটেইনমেন্ট জ“ন ঘোষণা কৰিছে ইফালে বিদ্যালয় কৰ্তৃপক্ষই বিষয়টো লৈ লুকা=ভাকু কৰি মৌনতা অলম্বন কৰাৰ অভিযোগ উঠিছে। ৩ নৱেম্বৰৰ পৰা এতিয়ালৈ কমেও ১৫ গৰাকী ছাত্ৰ ক’ভিড সংক্ৰমিত হৈছে ৷ বিপৰীতে বিদ্যালয় কৰ্তৃপক্ষই ক’ভিড সংক্ৰমণ লুকুৱাই শিক্ষাৰ্থী আৰু শিক্ষক দুয়োৰে জীৱন আৰু স্বাস্থ্যলৈ ভাবুকি মাতি আনিছে ।

Leave A Reply

Your email address will not be published.