Daily Time Axom

কটন বিশ্ববিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপ ৷ ক’ভিড-১৯ত পিতৃ-মাতৃক হেৰুওৱা শিক্ষাৰ্থীৰ নামভৰ্তিৰ বিশেষ ব্যৱস্থা

0 9

কভিড মহামাৰীৰ ফলত পিতৃ-মাতৃহাৰা হোৱা শিক্ষাৰ্থীসকলৰ বাবে কটন বিশ্ববিদ্যালয় কতৃপক্ষই ২০২১-২২ বৰ্ষৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষাৰ্থীসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই সুবিধাৰ অধীনত নামভৰ্তি কৰিব বিচৰা শিক্ষাৰ্থীসকলক ১৫ নৱেম্বৰ ,২০২১ৰ ভিতৰত এখন আবেদন পত্ৰ আৰু যোগ্যতা পৰীক্ষাৰ প্ৰমাণপত্ৰ ছাত্ৰ কল্যাণ বিভাগত প্ৰেৰণ কৰিব লাগিব। আবেদন পত্ৰৰ সৈতে পিতৃ বা মাতৃৰ মৃত্যুৰ কাৰণ কভিড-১৯ বুলি উল্লেখ কৰা চিকিৎসা প্ৰমাণপত্ৰ থাকিব লাগিব ৷ প্ৰায়োজনীয় নথি-পত্ৰসমূহ স্কেন কৰি ec.ug@cottonuniversity.ac.in (স্নাতক) আৰু ec.pg@cottonuniversity.ac.in (স্নাতকোত্তৰ) ত ই-মেইলযোগে আবেদনকাৰী সকলে প্ৰেৰণ কৰিব পাৰিব।

Leave A Reply

Your email address will not be published.