Daily Time Axom

গুৱাহাটী মহানগৰীত পুনৰ ক’ভিড পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰিব প্ৰশাসনে

0 12

কামৰূপ মহানগৰ জিলাত ক’ভিড সংক্ৰমণ নিয়ন্ত্ৰণলৈ অনাৰ উদ্দেশেৰে পুনৰ ক’ভিড পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰিছে কামৰূপ মহানগৰ জিলাৰ নৱনিযুক্ত উপায়ুক্ত পল্লৱ গোপাল ঝায়ে।

কামৰূপ মহানগৰৰ নতুন উপায়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা উপায়ুক্তজনে মংগলবাৰে স্বাস্থ্য বিভাগৰ বিষয় ববীয়া সকলৰ স’তে এখন বৈঠকত ভাগ লয় ৷ বৈঠকত জিলাখনৰ প্ৰতিটো জ’নৰ অধীনত সংক্ৰমণৰ হাৰ সৰ্বাধিক স্থানসমূহ অতি শীঘ্ৰে চিনাক্ত কৰি ক’ভিড পৰীক্ষা কৰিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে উপায়ুক্ত গৰাকীয়ে। আনহাতে ক’ভিড টীকাকৰণ অভিযান অধিক তীব্ৰতৰ কৰিবলৈয়ো স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে।

প্ৰশাসনৰ তথ্য অনুসৰি মহানগৰীত ইতিমধ্যে ২২,০৮,৪৩৮ ড’জ ক’ভিড টীকাকৰণ সম্পূৰ্ণ হৈছে। ইয়াৰে প্ৰথম ড’জ ১২,৫৭,৯৮১ হোৱাৰ পৰিৱৰ্তে দ্বিতীয় ড’জ ৯,৫০,৪৫৭ সম্পূৰ্ণ হৈছে।

Leave A Reply

Your email address will not be published.