Daily Time Axom

বিশেষ মেট্ৰিক আৰু হাইমাদ্ৰাছাৰ ফলাফল ঘোষণা

0 30

ঘোষণা হ’ল বিশেষ মেট্ৰিক আৰু হাইমাদ্ৰাছাৰ ফলাফল
১১ বজাৰ লগে লগেই ছেবাই ঘোষণা কৰিলে ফলাফল
বিশেষ মেট্ৰিকত উত্তীৰ্ণ হৈছে ১৩,৪২১ গৰাকী পৰীক্ষাৰ্থী।
অনুত্তীৰ্ণ হৈছে ৫,৪৫৭ গৰাকী পৰীক্ষাৰ্থী। পূৰ্বৰ ফলাফলত অসন্তুষ্ট পৰীক্ষাৰ্থীৰ বাবে বিশেষ লিখিত পৰীক্ষা আয়োজন কৰা হৈছিল।
মাধ্যমিক শিক্ষা পৰিষদ অসম, ছেবাই ১ ৰ পৰা ১১ অক্টোবৰ, ২০২১তাৰিখলৈ অনুষ্ঠিত কৰা বিশেষ পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰিছে ছেবাই ।
শিক্ষাৰ্থীসকলে এতিয়া অফিচিয়েল ৱেবছাইটত তেওঁলোকৰ ফলাফল চাব পাৰিব- sebaonline.org ।
তথ্য অনুসৰি, মুঠ ২২,৮৩৬ জন শিক্ষাৰ্থীয়ে বিশেষ পৰীক্ষাৰ বাবে আবেদন কৰিছিল যদিও অফলাইন পৰীক্ষাত মাত্ৰ ১৯,৩০৫ জন শিক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল।

Leave A Reply

Your email address will not be published.