Daily Time Axom

কইনাধৰাত অখিল গগৈৰে মুখ্যমন্ত্ৰীৰ বিশেষ বৈঠক ৷ গা পুৰিছে প্ৰদেশ কংগ্ৰেছৰ ৷

0 14

দেওবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে এক বৈঠকত মিলিত হৈছিল ৷ এই লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সৈতে প্ৰদেশ কংগ্ৰেছে ৷ কংগ্ৰেছৰ দাবী- অখিল গগৈৰ সৈতে হোৱা আলোচনাত দিয়া উন্নয়ণৰ আশ্বাসৰ দৰে আন বিধায়কসকলৰ সৈতেও আলোচনা কৰি প্ৰতিটো সমষ্টি উন্নয়ন কৰাৰ আশ্বাস প্ৰদান কৰক মুখ্যমন্ত্ৰীয়ে ৷ লগতে বিৰোধী দলৰ বিধায়কৰ মাজত বিভাজন অনাৰ নতুন কৌশল প্ৰয়োগ নকৰিব বুলি আহ্বান অসম প্ৰদেশ কংগ্ৰেছৰ ৷

মুখ্যপাত্ৰ ববিতা শৰ্মাৰ স্বাক্ষৰিত বিবৃতিটোত কোৱা হৈছে যে, “শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ সৈতে মুখ্যমন্ত্ৰীয়ে এঘণ্টা সময় আলোচনাত বহিল, সমষ্টি উন্নয়নৰ সন্দৰ্ভত আলোচনা কৰিলে। এয়া ভাল কথা। এয়া তেখেতৰ কৰণীয়। কাৰণ তেখেত সমগ্ৰ অসমৰ মুখ্যমন্ত্ৰী। ৰাজ্যখনৰ ১২৬ সমষ্টিৰ উন্নয়নৰ দায়িত্ব তেখেতৰ আছে। সেয়ে, শিৱসাগৰ সমষ্টিৰ উন্নয়নৰ দায়িত্বও তেখেতৰ আছে।  ইয়াৰ বাবে উক্ত সমষ্টিৰ বিধায়কৰ সৈতে আলোচনাত বহি সমষ্টি উন্নয়নৰ আলোচনা কৰা বিষয়টো ইতিবাচক। আমি মূখ্যমন্ত্ৰীক আহ্বান জনাও যে, তেখেতে  অসমৰ মুখ্যমন্ত্ৰী হিচাপে অসমৰ ১২৬ সমষ্টিৰ উন্নয়নৰ হকে কাম কৰক, অসমৰ ১২৬ জন বিধায়ককে সময় দি প্ৰতিটো সমষ্টি উন্নয়নৰ বাবে আলোচনাত বহক। “

Leave A Reply

Your email address will not be published.