Daily Time Axom

অসম-মেঘালয় সীমান্তত মন্ত্ৰী পিযুষ হাজৰিকা৷ সীমা সমস্যাৰ স্থায়ী সমাধান বিচাৰি সীমান্তৰ ৰাইজৰে মত বিনিময় ৷

0 13

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সীমান্ত ভ্ৰমণৰ পিছত অসম-মেঘালয়ৰ দীৰ্ঘদিনীয়া সীমা সমস্যাৰ স্থায়ী সমাধানৰ বাবে মন্ত্ৰী পিযুষ হাজৰিকাই মঙলবাৰে বিবদমান সীমান্ত ভ্ৰমণ কৰে ৷ মেঘালয় চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী প্ৰিষ্টন টেইচঙৰ নেতৃত্বত গঠিত যুটীয়া আঞ্চলিক সমিতিৰ সৈতে দুয়োখন ৰাজ্যৰ সীমামূৰীয়া অঞ্চল পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ সৈতে মত-বিনিময় কৰে মন্ত্ৰীজনে । এই যুটীয়া পৰিদৰ্শন কালত মন্ত্ৰী গৰাকীয়ে অসম-মেঘালয় সীমান্তৰ জিমিৰগাওঁ, বাখালাপাৰা, লুংখুং, পাটগাওঁ, বান্ধাপাৰা আদি গাওঁ পৰিভ্ৰমণ কৰি স্থানীয় গাওঁ প্ৰধান আৰু গাওঁবাসীৰ সৈতে অনুষ্ঠিত ৰাজহুৱা বৈঠকত মত বিনিময় কৰে৷
এই পৰিদৰ্শনৰ অন্তত ৰাইজৰ মতামতৰ ভিত্তিত প্ৰতিবেদন প্ৰস্তুত কৰি দুয়োগৰাকী মন্ত্ৰীয়ে অসম আৰু মেঘালয় চৰকাৰৰ মুখ্যমন্ত্ৰীক প্ৰদান কৰাৰ পিছত পৰৱৰ্তী কাৰ্যব্যৱস্থা প্ৰস্তুত কৰা হ’ব ।

Leave A Reply

Your email address will not be published.