Daily Time Axom

“নতুন প্রজন্মই ইতিহাস নাজানিলে একালত কাল্পনিক চৰিত্ৰ হ’ব লাচিত বৰফুকন”-লাচিত দিৱস উপলক্ষে কোনে ক’লে এই কথা ?

0 11

আজি মহাবীৰ লাচিত বৰফুকনৰ জন্মদিন উপলক্ষে সমগ্ৰ অসমত লাচিত দিৱস পালন কৰা হয় ৷ গুৱাহাটী ফাঁচী বজাৰৰ নিকটৱৰ্তী ব্ৰহ্মপুত্ৰৰ নদীৰ পাৰত অৱস্থিত বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ সমীপত ৰাজ্য চৰকাৰৰ উদ্যোগতো লাচিত দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠানত মুখ্য অতিথি বিশ্বজিৎ দৈমাৰীয়ে কয় যে অসমখন হৈছে বীৰ ভূমি। নৱপ্ৰজন্মক লাচিত বৰফুকনৰ দৰে দৰে বীৰ তথা তথা ইতিহাসৰ জ্ঞান প্রদান নকৰিলে কালক্ৰমত নৱপ্ৰজন্মই একালৰ ইতিহাসক কাল্পনিক কাহিনীলৈ ৰূপান্তৰ কৰিব বুলি ভাষণত মন্তব্য কৰে। আনহাতে এই অনুষ্ঠানৰ পিছতে অসম বিধানসভাৰ অধ্যক্ষগৰাকীয়ে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত প্ৰৱেশ কৰে আৰু কাৰ্যালয়ত থকা বীৰ লাচিত বৰফুকনৰ প্রতিচ্ছবিত বন্তি প্রজ্জ্বলন আৰু পুষ্পাঞ্জলি অর্পণ কৰে।

Leave A Reply

Your email address will not be published.