তামিলনাডুৱে কান্দিছে, প্ৰকৃতিৰ তাণ্ডৱত কম্পিত জনজীৱন
বতৰ বিভাগে তামিলনাডুৰ পাঁচখন জিলাত ধাৰাসাৰ বৰষুণৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে। ইফালে ধাৰাসাৰ বৰষুণ আৰু বানপানীৰ মাজত ২২ খন জিলাৰ বিদ্যালয় আৰু মহাবিদ্যালয় বন্ধ কৰি দিয়া হৈছে ।
ৰাজ্যখনৰ তিৰুনেলভেলি, থুথুকুডি, ৰামনাথপুৰম, পুডুকোট্টাই আৰু নাগাপট্টিনম জিলাত ভাৰতীয় বতৰ বিজ্ঞান বিভাগে “ধাৰাসাৰৰ পৰা অত্যধিক ধাৰাসাৰ বৰষুণ”ৰ আগজাননী কৰিছিল।
নেৰানেপেৰা বৰষুণৰ ফলত শস্য, অট্টালিকা আৰু ৰাস্তাৰ ব্যাপক ক্ষতি হৈছে যাৰ ফলত কেইবাটাও অঞ্চলত পানী জমা আৰু বানপানী হৈছে।