Daily Time Axom

প্ৰদীপ দত্ত ৰয় এজন পাগল মানুহ, ক্ৰেক… ৷ মই আগৰে পৰা জানো ৷” অসমৰ কোন প্ৰভাৱশালী মন্ত্ৰীয়ে কিয় ক’লে এইদৰে ?

0 13

অসমীয়া ভাষা বিদ্বেষী চক্ৰৰ অন্যতম নেতা শিলচৰৰ বাঙালী নেতা প্ৰদীপ দত্ত ৰয় এতিয়া ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত জেলৰ আলহী ৷ প্ৰদীপ দত্ত ৰায়ৰ বিতৰ্কিত ভূমিকা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী সভাৰ প্ৰভাৱশালী মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷

“ প্ৰদীপ দত্ত ৰয় এজন পাগল মানুহ, ক্ৰেক… ৷ এইবিলাক ক’তোৱেই একো কৰিব নোৱাৰে ৷ মই আগৰ পৰাই জানো ৷ এজন ফেইলাৰ মানুহ ৷ আগতে কংগ্ৰেছ কৰিছে, বিজেপি কৰিছে ৷ কেতিয়াও ক’তো ছাকচেছ হ’ব পৰা নাই ৷ এজন বিফল হতাশগ্ৰস্ত মানুহে এইবোৰ কৰি মানুহৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে ৷“ -বুলি সাংবাদিকৰ প্ৰশ্নত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ মন্তব্য ৷

মন্ত্ৰীজনে লগতে কয় যে, বৰাক ভেলীৰ মানুহখিনিয়ে এই কথাবোৰ একেবাৰে ভাল পোৱা নাই ৷ বেয়া পাইছে ৷ ব্ৰহ্মপুত্ৰ উপত্যকাৰ বেংগলী হিন্দু মানুহখিনিয়েতো ইয়াৰ ঘোৰ বিৰোধ কৰিছে বুলি দেওবাৰে মন্ত্ৰীজনে মন্তব্য আগবঢ়ায় ।

Leave A Reply

Your email address will not be published.