Daily Time Axom

অসমৰ শ্ৰেষ্ঠ অসামৰিক সন্মান ‘অসম সৌৰভ’ আৰু ‘অসম গৌৰৱ’ ঘোষণা ৷ ৫ জনলৈ ‘অসম সৌৰভ’ আৰু ১৩ জনলৈ ‘অসম গৌৰৱ’ বঁটা ৷

0 15

অসমৰ জাতীয় জীৱনলৈ নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়াই অহা ব্যক্তিক অসামৰিক সন্মানেৰে বিভূষিত কৰাৰ উদ্দেশ্যেৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন কেবিনেটে এক সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই সিদ্ধান্ত অনুসৰি ৰাজ্যখনৰ সৰ্বোচ্চ অসামৰিক সন্মান “অসম বৈভৱ” এজন ব্যক্তিক, দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান “অসম সৌৰভ” তিনি জন ব্যক্তিক আৰু তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান “অসম গৌৰৱ” ১৫ জন ব্যক্তিক, সৰ্বমুঠ ১৯ জন ব্যক্তিক প্ৰতি বছৰে ২ ডিচেম্বৰ, অসম দিৱসৰ দিনা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই বছৰ প্ৰথম বাৰৰ বাবে এই বঁটা কিছু ব্যতিক্ৰম হিচাপে ২৪ জানুৱাৰী তাৰিখে প্ৰদান কৰা হ’ব।

আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে এই বঁটা সমূহ ৷ আজি ঘোষিত বঁটা আৰু বঁটা প্ৰাপক ব্যক্তি সকল ক্ৰমে :

ক) অসম বৈভৱ
১/ ৰতন নৱাল টাটা

খ) অসম সৌৰভ
১/প্ৰফেছৰ কমলেন্দু দেৱ ক্ৰ’ৰি
২/ ড° লক্ষ্মণ এছ. আই.এ.এছ.
৩/ প্ৰফেছৰ দীপক চন্দ্ৰ জৈন
৪/ লাভলীনা বৰগোঁহাই
৫/ নীলপৱন বৰুৱা

গ) অসম গৌৰৱ
১/ মুনীন্দ্ৰ নাথ ন’গটে, এ.চি.এছ.
২/ ডাঃ বসন্ত হাজৰিকা
৩/ আকাশ জ্যোতি গগৈ
৪/ মনোজ কুমাৰ বসুমতাৰী
৫/ খৰছিং টেৰং
৬/ ববি হাজৰিকা
৭/ হেমপ্ৰভা চুতীয়া
৮/ নমিতা কলিতা
৯/ বৰ্ণিতা মমিন
১০/ ধৰণীধৰ বড়ো
১১/ কৌশিক বৰুৱা
১২/ কল্পনা বড়ো
১৩/ ডাঃ আছিফ ইকবাল

আগন্তুক বৰ্ষৰ পৰা এই বঁটাৰ বাবে পৰ্টেল যোগে অসমৰ হকে অক্লান্ত সেৱা আগবঢ়োৱা ব্যক্তিক সৰ্বসাধাৰণ ৰাইজে মনোনীত কৰিব পাৰিব।
“অসম বৈভৱ” বঁটা প্ৰাপকে ৫ লাখ টকাকৈ, “অসম সৌৰভ” বঁটা প্ৰাপকে ৪ লাখ টকাকৈ আৰু “অসম গৌৰৱ” বঁটা প্ৰাপকে ৩ লাখ টকাকৈ আৰ্থিক পুৰস্কাৰ লাভ কৰিব। ইয়াৰ উপৰিও প্ৰতিজন বঁটা প্ৰাপকে বছৰি ৩ লাখ টকালৈকে (প্ৰয়োজনত আৰু অধিক) চিকিৎসা ব্যয় লাভ কৰিব। বঁটা প্ৰাপক সকলে অসম ভৱন আদিৰ সুবিধা আৰু স্বাধীনতা দিৱস, গণৰাজ্য দিৱস ইত্যাদি চৰকাৰী অনুষ্ঠানত তেওঁলোকক বিশেষ অতিথি হিচাপে নিমন্ত্ৰণ কৰা হ’ব।

Leave A Reply

Your email address will not be published.