Daily Time Axom

“এইবাৰ পিকনিকলৈ নাযাব” – অসমবাসীলৈ জিএমচিএইচৰ অধ্যক্ষ ডাঃ অভিজিত শৰ্মাৰ আহ্বান ৷

0 12

“এই বছৰ পিকনিকলৈ নাযাব।” সাম্প্ৰতিক সময়ৰ প্ৰতি লক্ষ্য ৰাখি
অসমবাসীক পিকনিক খাবলৈ নাযাবলৈ আহ্বান জনাইছে এগৰাকী দায়িত্বশীল চিকিৎসকে। ‘ক’ভিড এতিয়াও কমা নাই’ তাৰেই সচেতনতা প্ৰকাশ কৰি
জনসমাগম আৰু পিকনিক পৰিহাৰ কৰিবলৈ আহ্বান জনাইছে জিএমচিএইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই।

আনহাতে তেওঁ জনাইছে যে ভেকচিন ল’লেও হ’ব পাৰে ক’ভিড। কিন্ত এটা কথা স্পষ্ট যে, ভেকচিন লোৱা লোকৰ বিপদ কম । ভেকচিন লোৱা লোকক বিশেষ ক্ষতি কৰিব নোৱাৰে কোভিড-১৯য়ে। বৰ্তমান কৰোনাৰ নতুন ৰূপ ওমিক্ৰণক লৈ চিন্তিত হৈ পৰিছে দেশৰ চিকিৎসা বিজ্ঞানীসকল। তদুপৰি ডাক্তৰ শৰ্মাই জনাইছে যে ওমিক্ৰণক লৈ ভয় খাব নালাগে, কেৱল সাৱধান হৈ থকাহে অত্যন্ত জৰুৰী। সেয়েহে তেওঁ অসমবাসীক আহ্বান জনাইছে যাতে কোনেও এইবেলি পিকনিকলৈ নাযায়।

Leave A Reply

Your email address will not be published.