Daily Time Axom

বাংলাদেশৰ পাক দূতাবাসত ভাৰতীয় জাল নোটৰ ঘাটি ৷ কোন মাফিয়াই চলাইছে এই ভাৰত বিৰোধী চক্ৰ ?

0 15

বাংলাদেশত ‘ট্ৰেঞ্জিটিং’ৰ দ্বাৰা জাল নোটৰ চোৰাং চিণ্ডিকেট চলাইছে ঢাকাৰ পাকিস্তানী দূতাবাসৰ কিছুমান কৰ্মচাৰীয়ে। এনে তথ্য পোৱাৰ লগে লগে এনআইএ কঁপি উঠিছে। ঢাকাত পাকিস্তানী দূতাবাসৰ ছয়জন কৰ্মচাৰী ভাৰতীয় চোৰাংচোৱা বিভাগৰ ‘স্কেনাৰ’ৰ অধীনলৈ আহিছে। তালিকাখনত ‘প্ৰতিৰক্ষা উপদেষ্টা’ ব্ৰিগেডিয়াৰ পদবীৰ এজন বিষয়াও অন্তৰ্ভুক্ত আছে। তেওঁলোকে পাকিস্তান ইণ্টাৰনেচনেল এয়াৰলাইনছৰ (পিআইএ) জৰিয়তে ‘কূটনৈতিক টেগ’ লগোৱা কাৰ্গো কনচাইনমেণ্টত বিমানেৰে ভুৱা নোট সৰবৰাহ কৰি আছে বুলি অভিযোগ কৰা হৈছে। আইএছআই আৰু দাউদৰ ভাতৃ আনিস ইব্ৰাহিমে কৰাচীৰ পৰা শ্ৰীলংকালৈ পানীৰে চিটাগং বন্দৰলৈ ভাৰতীয় জাল নোটৰ সামগ্ৰী প্ৰেৰণ কৰাৰ দায়িত্বত আছে। ডি কোম্পানীয়ে চলিত বৰ্ষৰ ছেপ্টেম্বৰত ঢাকাৰ পল্টন মডেল আৰক্ষী থানা আৰু যোৱা নৱেম্বৰত খিলখেত আৰক্ষী থানা অঞ্চলৰ পৰা উদ্ধাৰ কৰা প্ৰায় ৮ কোটি টকাৰ ভাৰতীয় জাল নোটৰ সামগ্ৰী জলপথৰ দ্বাৰা ভাৰতলৈ প্ৰেৰণ কৰিছিল। 
এনআইএ সূত্ৰই সদৰি কৰিছে যে ভাৰতীয় অৰ্থনৈতিক ব্যৱস্থাক পঙ্গু কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে ইতিমধ্যে তদন্ত আৰম্ভ কৰা হৈছে।

Leave A Reply

Your email address will not be published.