সুনীল ছেট্টীৰ পুত্ৰ নৱাগত অহানৰ “তড়প” ছুপাৰহিট, এদিনতে ৪.০৫ কোটি টকা
বলিউডৰ মুক্তিপ্ৰাপ্ত নতুন ছবি ‘তড়প’ ৷
অহান চেট্টী আৰু তাৰা সুতাৰিয়া অভিনীত ছবিখনে আশা কৰা মতেই “তড়প” ৩-৪ কোটি টকাৰ আৰম্ভণি কৰিছে। ছবিখনে অধিক ভাল প্ৰদৰ্শন কৰিছে। ছবিখনে স্পে’কট্ৰামত মুকলি কৰাৰ পাছত ৪.০৫ কোটি টকা অৰ্জন কৰিছে। কৰ’না মহামাৰী শেষ হোৱা নাই যদিও, প্ৰাদুৰ্ভাৱ কমাৰ লগে লগে দৰ্শকসকলে ঘৰৰ পৰা ওলাই আহি লাহে লাহে হলত চিনেমা চাইছে।
চিনেমাখন কেনেদৰে মুকলি হ’ব তাৰ কোনো বিশেষ চৰ্চা আৰু আনুষ্ঠানিকতা নকৰাকৈয়ে মুক্তি দিয়া হৈছে ৷ তাতে অহান ছেট্টী হৈছে বলিউডৰ নৱাগত হিৰো, সেয়ে বেছি আনুষ্ঠানিকতাও কৰা হোৱা নাই। কোনো ক্ষেত্ৰতে হাই-প্ৰফাইল লঞ্চ নকৰি নিৰ্মাতা ছাজিদ নাদিয়াদৱালাই ছবিখন দৰ্শকৰ কাষ পোৱাবলৈ সকলো প্ৰচেষ্টা চলাইছে। উল্লেখ্য যে, অহান হৈছে বলিউডৰ জনপ্ৰিয় অভিনেতা সুনীল ছেট্টীৰ পূত্ৰ।
