“চীফ হোৱাৰ যোগ্যতা নাই প্ৰমোদ বড়োৰ”-কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ বিস্ফোৰণ
“প্ৰমোদ বড়োৰ বিটিচিৰ চীফ হোৱাৰ যোগ্যতা নাই ।
প্ৰমোদ বড়ো এবছু সভাপতি হিচাপে ঠিক আছিল , এবছুৰ দৰে চলাই আছে বিটিচি , বিটিচি চলোৱাৰ যোগ্যতা নাই ।বিটিচিলৈ অহা ৬০০ কোটি টকাৰ ৫০ শতাংশই চাপ্লাইত দিছে প্ৰমোদ বড়ো চৰকাৰে । খালী খোৱাৰ ধান্দা প্ৰমোদ বড়োৰ । ” – এই মন্তব্যৰে পুনৰ এবাৰ বিটিচি মূৰব্বী প্ৰমোদ বড়োক পোনপতীয়াকৈ আক্ৰমণ বি পি এফৰ মুখ্য নেতা হাগ্ৰামা মহিলাৰীৰ ৷ প্ৰমোদ বড়োৰ বিৰুদ্ধ কি কি অভিযোগ আনিলে হাগ্ৰামাই ?
✔️ওদালগুৰিত এটা দিনতে পঞ্চায়ত আৰু গ্ৰাম্যন্নোয়ন বিভাগৰ ৯২ টা কাম এদিনতে টেণ্ডাৰ , এদিনতে এজন ঠিকাদাৰকে হস্তান্তৰ ।
প্ৰমোদ বড়োৰ দ্বাৰা শান্তি নাহিব , অশান্তিহে আহিব ।
✔️এনডিএফবিৰ গোচৰ প্ৰত্যাহাৰ কৰাৰ ক্ষেত্ৰত একো কাম কৰা নাই প্ৰমোদ বড়োই ।
✔️বিটিচিৰ ১৬ টা বিভাগ পুনৰাই গতাই দিছে দিছপুৰক । বিটিচিত উচ্ছেদ কাৰ্য সমৰ্থন নকৰে বিপিএফে ।
গাঁৱ কৰ্ত্তন সমৰ্থন নকৰে হাগ্ৰামাই ।
✔️ প্ৰমোদ বড়ো মিছলীয়া ।
বড়োলেণ্ড অতিথিশালাসমুহ সাধাৰণ ৰাইজৰ বাবে বন্ধ কৰি ৰাখিছে প্ৰমোদ বড়োই ।
এই সমূহ অভিযোগ কৰি প্ৰমোদ বড়োৰ বিৰুদ্ধে সোমবাৰে কোকৰাঝাৰত সৰৱ হৈ পৰে প্ৰাক্তন বি টি চি প্ৰধানজন ৷
লগতে হাগ্ৰামাই কয় যে- প্ৰমোদ বড়োই কি কাম কৰিব , খালী খোৱাৰ ধান্দা ।
খোৱাৰ ধান্দাতে দিনত অফিচ নকৰি ৰাতি ১০ – ১১ বজাত অফিচ কৰে প্ৰমোদ বড়োই ।