Daily Time Axom

মণিপুৰৰ লকটক হ্রদক বিশ্বৰ এক আকর্ষণীয় পর্যটনস্থলী হিচাপে গঢ় দিব কেন্দ্ৰই : সৰ্বানন্দ সােণােৱালৰ ঘোষণা

0 12

“ল’কটক হ্রদ মণিপুৰৰ আত্মাস্বৰূপ ৷ অপৰূপ সৌন্দর্যৰে আবৃত এই হ্রদটোৰ উন্নয়ন আৰু পর্যটন অধিক উন্নত কৰাৰ বাবে কেন্দ্ৰৰ পৰা যাৱতীয় সকলাে সহযােগিতা আগবঢ়োৱা হ’ব।”- কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী তথা কেন্দ্রীয় আয়ুষ মন্ত্রী সর্বানন্দ সােণােৱালে আজি মণিপুৰৰ বিখ্যাত ল’কটক হ্রদৰ লগতে ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ জেট্টী পৰিদৰ্শন কৰি ভাষণ প্রসংগত এই কথা উল্লেখ কৰে।
কেন্দ্রীয় মন্ত্রীগৰাকীয়ে পৰিদর্শনকালৰ আৰম্ভণিতে বিষয়াসকলৰ পৰা হ্রদটোৰ উন্নয়ন তথা পর্যটন সম্বন্ধীয় বিভিন্ন দিশৰ বুজ লয়। কেন্দ্রীয় মন্ত্রীগৰাকীয়ে ব’টেৰে হ্রদটো ভ্রমি ইয়াৰ সৌন্দর্য উপভােগ কৰে l
লগতে সােণােৱালে কয়, “ল’কটক হ্রদৰ পৰ্যটনৰ ক্ষেত্ৰত অপৰিসীম সম্ভাৱনা নিহিত হৈ আছে। সেয়েহে এছিয়াৰ অন্যতম বৃহৎ এই জলাশয়টোৰ উন্নয়ন আৰু পৰ্যটনৰ বিকাশৰ দিশত আমি যথেষ্ট অগ্রাধিকাৰ দিছোঁ। ইয়াক সমগ্র বিশ্বৰ পৰ্যটকৰ বাবে আকর্ষণীয় পর্যটনস্থল হিচাপে গঢ়ি তুলিব লাগিব।”

Leave A Reply

Your email address will not be published.